সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত বাহন জব্দ কৰাৰ অধিকাৰ নাই আৰক্ষীৰ: উচ্চ ন্যায়ালয়

নিউজ ডেস্ক। তেলেংগানা উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়।

ন্যায়ালয়ে শুক্ৰবাৰে ঘোষণা কৰে যে সুৰাপান কৰি গাড়ী চলোৱাৰ গোচৰত বাহন জব্দ কৰাৰ অধিকাৰ আৰক্ষীৰ নাই।

সুৰাপান কৰি গাড়ী চলোৱা সন্দৰ্ভত ৪০ খন লেখ আৱেদন নিষ্পত্তি কৰি এনে কেইবাটাও আদেশ প্ৰদান কৰে ন্যায়াধীশ কে লক্ষ্মণে।

ন্যায়ালয়ে কয় যে, যদি এজন সুৰাসক্ত ব্যক্তিয়ে বাহন চলাই থকা দেখা যায়, তেন্তে আৰক্ষীয়ে ব্যক্তিজনৰ লগত থকা বৈধ ড্ৰাইভিং লাইচেঞ্চ থকা এজন ব্যক্তিক গাড়ী চলাবলৈ নিৰ্দেশ দিব।

Drunk-Driving-Accident-Attorney

যদি ব্যক্তিজন অকলশৰীয়া হয়, তেন্তে আৰক্ষীয়ে অপৰাধীজনৰ এজন আত্মীয়ক এই কথা অৱগত কৰিব আৰু আত্মীয়জনক গাড়ী চলাই লৈ যাবলৈ নিৰ্দেশ দিব।

লগতে চাওকঃ ব্যতিক্ৰম পৰম্পৰা! এই বিশেষ পূজাত শিশুক সু-স্বাস্থ্যৰ বাবে শুৱাই দিয়া হয় গোবৰত

G2

যদি এই নিয়মবোৰৰ এটাও কাৰ্যকৰী কৰিব নোৱাৰি, তেন্তে আৰক্ষীয়ে বাহনখন অস্থায়ীভাৱে তেওঁলোকৰ দখলত লোৱাৰ কৰ্তৃত্ব আছে।

ন্যায়ালয়ৰ মতে, বাহনখনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰাৰ পিছত আৰক্ষীয়ে জব্দ কৰা বাহনখন মুকলি কৰিব লাগিব আৰু মালিক বা আন যিকোনো ব্যক্তিক হস্তান্তৰ কৰিব লাগিব।

তেলেংগানা টুডেৰ এক প্ৰতিবেদন অনুসৰি, সুৰাপান কৰি গাড়ী চলোৱা অপৰাধীসকলক প্ৰদান কৰিব লগা শাস্তি সন্দৰ্ভতো ন্যায়ালয়ে নিৰ্দেশ দিয়ে। নিৰ্দেশ অনুসৰি আৰক্ষীয়ে তিনি দিনৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত অভিযোগপত্ৰ দাখিল কৰিব লাগিব।

ন্যায়াধীশ লক্ষ্মণে কয় যে এই নিৰ্দেশনাসমূহৰ যিকোনো উলংঘনক অৱমাননা হিচাপে চোৱা হ’ব আৰু প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। তেওঁ আৰু স্পষ্ট কৰি দিয়ে যে যান-বাহন আইনৰ ব্যৱস্থাই সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত বাহন জব্দ কৰাৰ অনুমতি নিদিয়ে।

Leave a Comment