সুৰাপান কৰা সকল মহাপাপী, তেওঁলোক ভাৰতীয় নহয়ঃ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

নিউজ ডেস্ক। ‘সুৰাপায়ী সকল হৈছে মহাপাপী। তেওঁলোক ভাৰতীয় নহয়।’

-বিহাৰ বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। বৃহস্পতিবাৰে বিহাৰ বিধানসভাত সুৰা প্ৰতিৰোধ (সংশোধনী) বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, বিধানসভাত গৃহীত হোৱা সুৰা প্ৰতিৰোধ (সংশোধনী) বিধেয়ক অনুসৰি এতিয়াৰে পৰা কোনো লোক যদি প্ৰথম সুৰাপান কৰি ধৰা পৰে, তেন্তে তেওঁৰ ওপৰত জৰিমণা আৰোপ কৰিব পৰা যাব।

1 19
সুৰাপান কৰা সকল মহাপাপী, তেওঁলোক ভাৰতীয় নহয়ঃ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ 2

বিধানসভাৰ মজিয়াত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে শাসক-বিৰোধীৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

সুৰা নিষিদ্ধ কৰাৰ বাবে অনা বিধায়ক সন্দৰ্ভত আলোচনাৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, “সুৰা পান কৰা লোকসকলে বাপুৰ অনুভূতিক গুৰুত্ব নিদিয়ে। মই তেওঁলোকক ভাৰতীয় বুলি নাভাৱো।”

নীতিশ কুমাৰে কয় যে যিসকলে সুৰা পান কৰে তেওঁলোক অযোগ্য আৰু মহাপাপী। তেওঁ কয় যে সুৰা পান কৰাটো যিকোনো ঠাইতে স্বাস্থ্যৰ বাবে ভাল নহয়। যিসকলে যুক্তি দিয়ে যে সুৰা নিষিদ্ধ কৰাৰ ফলত ৰাজ্যখনৰ ৰাজহ লোকচান হৈছে তেওঁলোক ভুল।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে আগতে যেতিয়া বিহাৰত সুৰা বিক্ৰী কৰা হৈছিল, তেতিয়া ৰাজ্যখনৰ একাউণ্টলৈ ৫,০০০ কোটি টকাৰ ৰাজহ আহিছিল, কিন্তু নিষিদ্ধকৰণৰ পিছত, জনতা যথেষ্ট লাভান্বিত হৈছে।

সুৰা নিষিদ্ধকৰণৰ লাভালাভৰ বিষয়ে ব্যাখ্যা কৰি নীতিশ কুমাৰে কয় যে আগতে যিসকলে সুৰা পান কৰি টকা খৰচ কৰিছিল, তেওঁলোকে এতিয়া সেই টকা পাচলি কিনিবলৈ ব্যৱহাৰ কৰে। নীতিশ কুমাৰে কয় যে সুৰা নিষিদ্ধ হোৱাৰ বাবে পাচলি ক্ৰয় বৃদ্ধি পাইছে। যাৰ বাবে মানুহ এতিয়া আগতকৈ অধিক স্বাস্থ্যৱান হৈছে।

আনহাতে, আৰজেডি নেতা শিৱানন্দ তিৱাৰীয়ে সুৰা পান কৰা সকলক ‘মহাপাপী’ বুলি অভিহিত কৰাৰ বাবে নীতিশ কুমাৰক সমালোচনা কৰে। তেওঁ কয়, “নীতিশ কুমাৰে প্ৰথমে তেওঁৰ মিত্ৰশক্তিৰ ফালে চোৱা উচিত। তেওঁলোকে তেওঁলোকৰ নিজৰ সহকৰ্মীসকলক মহাপাপী আৰু অযোগ্য বুলি অভিহিত কৰি দোষাৰোপ কৰিছে।’’ তিৱাৰীয়ে কয় যে যিসকলৰ সৈতে নীতিশ কুমাৰে চৰকাৰ চলাই আছে তেওঁলোকক মহাপাপী বুলি কোৱা হৈছে।

তেওঁ লগতে কয় যে এতিয়া নীতিশ কুমাৰ উত্তৰ প্ৰদেশত যোগী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি উভতি আহিছে। য’ত সুৰা পান কৰাটো অপৰাধ বুলি গণ্য কৰা নহয়। যিসকলে গান্ধীক হত্যা কৰিছিল তেওঁলোকক প্ৰকৃত দেশপ্ৰেমী বুলি গণ্য কৰে। আৰু তেনে লোকৰ সৈতেই এতিয়া নীতিশ কুমাৰে চৰকাৰ চলাই আছে বুলিও কটাক্ষ কৰে শিৱানন্দ তিৱাৰীয়ে।

Leave a Comment