সুস্থ হৈ এইমছৰ পৰা নিজ বাসভৱনলৈ উভতিল প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং।
শাৰীৰিক অসুস্থতাত ভূগি দিল্লী এইমছত ভৰ্তি হ’বলগীয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
চলিত মাহৰ প্ৰথমভাগতে জ্বৰ আৰু অত্যাধিক শৰীৰ দুৰ্বল হৈ পৰাৰ বাবে মনমোহন সিঙক দিল্লী এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।
পৰৱৰ্তী সময়ত প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ শৰীৰত ডেংগুৰ সংক্ৰমণো ধৰা পৰিছিল।
দীৰ্ঘদিন চিকিৎসাৰ অন্তত অৱশেষত মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।