
নিউজ ডেস্ক। সুস্থ হৈ উঠিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা।
হেল্থ চিটি হাস্পতালৰ পৰা নিজেই এই কথা জনালে কণ্ঠশিল্পী গৰাকীয়ে।
উল্লেখ্য যে, জ্বৰ, পেটৰ বিষ আৰু বমিৰ বাবে শুকুৰবাৰে মহানগৰীৰ হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দীক্ষু শৰ্মাক।

হাস্পতালত ডাঃ চন্দনা শৰ্মাৰ নেতৃত্বত চিকিৎসা প্ৰদান কৰা হয় কণ্ঠশিল্পীগৰাকীক।
ইয়াৰ পিছতে শনিবাৰে দীক্ষুৱে হাস্পতালৰ পৰা এটা ভিডিঅ’ বার্তাযোগে তেওঁ সুস্থ হৈ উঠাৰ বিষয়ে অৱগত কৰে আৰু তেওঁক লৈ চিন্তা নকৰিবলৈ অনুৰাগীসকলক আহ্বান জনায়।
অতি শীঘ্ৰে তেওঁ হাস্পতালৰ পৰা ওলাই আহিব বুলিও মন্তব্য কৰে দীক্ষু শৰ্মাই।