সুলভ মূল্যৰ দোকানত প্ৰধানমন্ত্ৰীৰ ছবি নথকাৰ বাবেই খং উঠিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ, দিলে এই নিৰ্দেশ…

নিউজ ডেস্কঃ বিৰোধীয়ে প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কাম কম, কিন্তু প্ৰচাৰ বেচি কৰে। কোভিড ভেকচিন চাৰ্টিফিকেটৰ পৰা ৰেচন কাৰ্ডলৈকে সকলোতে নিজৰ ফটো আঁৰি ভুৱা কৃতিত্ব ল’ব বিচাপে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বিৰোধীৰ এই অভিযোগেই যেন এইবাৰ সত্য বুলি প্ৰমাণিত কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁৰ দুদিনীয়া তেলেংগানা ভ্ৰমণৰ সময়ত এখন সুলভ মূল্যৰ দোকানত প্ৰধানমন্ত্ৰী মোডীৰ ফটো নথকাৰ বাবেই ক্ষুব্ধ হৈ পৰিল বিত্তমন্ত্ৰী সীতাৰমণ।

photo1662203193
সুলভ মূল্যৰ দোকানত প্ৰধানমন্ত্ৰীৰ ছবি নথকাৰ বাবেই খং উঠিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ, দিলে এই নিৰ্দেশ… 3

উল্লেখ্য যে, দুুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানাত উপস্থিত হোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে কামাৰেডি জিলাৰ বিভিন্ন প্ৰান্তত থকা সুলভ মূল্যৰ দোকানসমূহ পৰ্যবেক্ষণ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে বীৰকুৰ গাঁৱৰ এখন সুলভ মূল্যৰ দোকানতো উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে ৫ কেজিকৈ চাউল পাইছে নে সেই বিষয়ে বুজ লোৱাৰ লগতে গ্ৰাহকৰ সৈতে মত বিনিময় কৰে।

এই সময়ছোৱাতে বিত্তমন্ত্ৰীয়ে লক্ষ্য কৰে যে সুলভ মূল্যৰ দোকানখনত প্ৰধানমন্ত্ৰীৰ ফটো বা ফ্লেক্স বোর্ড ৰখা হোৱা নাই। যাৰ বাবে তেওঁ জিলা প্ৰশাসক জিতেশ পেটেলৰ ওপৰত ক্ষোভ জাহিৰ কৰে। দোকানখনত কিয় মোডীৰ ফটো বা ফ্লেক্স বোৰ্ড নাই বুলিও প্ৰশ্ন কৰে নিৰ্মলা সীতাৰমণে।

photo1662202177
সুলভ মূল্যৰ দোকানত প্ৰধানমন্ত্ৰীৰ ছবি নথকাৰ বাবেই খং উঠিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ, দিলে এই নিৰ্দেশ… 4

তেওঁ জিলা প্ৰশাসকক স্পষ্টভাৱে জনাই দিয়ে যে প্রতিখন সুলভ মূল্যৰ দোকানত, য’ত কেন্দ্রীয় আঁচনিৰ অধীনত চাউল প্ৰদান কৰা হৈছে, তাত এই ফ্লেক্স বোর্ড বাধ্যতামূলক। ইয়াৰ পাছতেই সীতাৰামণে জিলা প্ৰশাসকক জিলাৰ সমস্ত সূলভ মূল্যৰ দোকানত মোডীৰ ছবি লগোৱাৰ নির্দেশ দিয়ে।

ইফালে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সূলভ মূল্যৰ দোকানত প্ৰধানমন্ত্ৰীৰ ফটো ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়া বিষয়টো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত তেলেংগানাৰ বিত্তমন্ত্রী টি হৰিশ ৰাওৱে কয়, ‘এইটো অতি হাস্যকৰ যে কেন্দ্রীয় বিত্তমন্ত্রীয়ে মোদীৰ ছবি ৰেচনৰ দোকানত ৰাখিবৰ বাবে জোৰ দিছে। এয়া প্রধানমন্ত্রীৰ মর্যাদাক্ষুণ্ণ কৰাৰ বাহিৰে একো নহয়।’

তেলেংগানাৰ বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে এতিয়ালৈকে কেইবাগৰাকীও প্ৰধানমন্ত্ৰী লাভ কৰিছে। বহুতেই ফ্ৰী চাউল, ফ্ৰী ৰেচন বিতৰণ কৰিছে। কিন্তু প্ৰধানমন্ত্ৰী মোডী অথবা বিজেপি চৰকাৰৰ দৰে আন কোনেও এনেদৰে কৃতিত্ব বিচৰা নাই। বর্তমানৰ কেন্দ্রীয় চৰকাৰে সস্তীয়া আচৰণ কৰা বুলিও মন্তব্য কৰি টি হৰিশ ৰাওৱে।