সুদীৰ্ঘ ৭੦১ দিন কােমাত থকাৰ পিছত চিৰবিদায় ল’লে কণমানি ৰাচেলে…

নিউজ ডেস্ক। অৱশেষত গ’লগৈ কণমানি ৰাচেল প্ৰিছা!

সুদীৰ্ঘ দুটা বছৰ কোমাত থকাৰ পিছত বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় বাংগালুৰুৰ কণমানিজনীয়ে।

ৰাচেলৰ আশু আৰোগ্য কামনা কৰি যোৱা দুটা বছৰেই ঈশ্বৰক প্ৰাৰ্থনা জনাইছিল সমগ্ৰ দেশবাসীয়ে। কিন্তু অলেখ জনৰ প্ৰাৰ্থনা আৰু চিকিৎসকৰ প্ৰচেষ্টাইও জীৱন ঘূৰাই দিব নোৱাৰিলে ৰাচেলক।

FLOli-CMa-AAg2-Vk

উল্লেখ্য যে, ২০২০ চনৰ ১১ মাৰ্চত দেউতাকৰ সৈতে বাইকত উঠি স্কুললৈ গৈছিল ১০ বছৰীয়া ৰাচেলে। কিন্তু বাংগালুৰুৰ টিচি পালিয়া মেইন ৰোডৰ দাঁতিৰ এডাল শুকান গছৰ ডাল ভাঙি বাইকেৰে গৈ থকা ৰাচেলৰ মূৰত পৰে। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কণমানিজনী।

লগে লগে ৰাচেলক মণিপাল চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী ৭০১ দিন হাস্পতালখনতে কোমা অৱস্থাত চিকিৎসাধীন হৈ থকা ৰাচেলে অৱশেষত মৃত্যৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে।

দৰাচলতে কণমানি ৰাচেলৰ জীৱন কাঢ়ি লৈ যোৱা পথৰ দাঁতিৰ শুকান গছডাল বাংগালুৰুৰ নাগৰিক সংস্থা – ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকে (বিবিএমপি)য়ে সময়মতে কাটি নেপেলোৱাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

FLOlh3-Xa-MAQy-XRS

যাৰ ফলত ৰাচেল চিকিৎসাধীন হৈ থকাৰ সময়তে বিবিএমপিৰ বিষয়াৰ বিৰুদ্ধে বাংগালুৰু আৰক্ষীয়ে এখন এজাহাৰ দাখিল কৰে। কিন্তু বিবিএমপিয়ে ৰাচেলৰ চিকিৎসাৰ দায়িত্ব বহন কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাত যোৱা বছৰে গোচৰ ৰুজু কৰা হোৱা নাছিল। কিন্তু এতিয়া অৱহেলাৰ দ্বাৰা মৃত্যুৰ অভিযোগত পুনৰ গোচৰ ৰুজু কৰা হব পাৰে।

আনহাতে, যোৱা দুটা বছৰে চিকিৎসাধীন হৈ থকা ৰাচেলক সুস্থ কৰি তুলিবলৈ সকলো প্ৰচেষ্টা চলায় চিকিৎসকে। কিন্তু চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছতো প্ৰতিদিনে অৱনতি ঘটিছিল কণমানিজনীৰ স্বাস্থ্যৰ। আৰু বৃহস্পতিবাৰে শেষ বিদায় লয় ৰাচেলে।

ইফালে বৃহস্পতিবাৰে ৰাচেলৰ মৃত্যুৰ পিছত, প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে চিকিৎসালয় পৰিদৰ্শন কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

এক টুইটত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰি লিখে, “ৰাচেলৰ মৃত্যুত মই সঁচাকৈয়ে দুখিত। তেওঁক আগতে লগ কৰিছিল আৰু তেওঁৰ সৈতে সময় অতিবাহিত কৰিছিলোঁ। মই আশা কৰি আছিলো যে তেওঁ সুস্থ হ’ব। জীৱন আৰু মৃত্যুৰ মাজত ইমান দীঘলীয়া যুঁজৰ পিছত ৰাচেলৰ মৃত্যু মোৰ বাবে অসহ্যকৰ। বিবিএমপিয়ে অন্ততঃ ভৱিষ্যতে এই ধৰণৰ দুৰ্ঘটনা বন্ধ কৰা উচিত।”

ৰাচেলৰ এই মৃত্যুৰ বাতৰিয়ে আজি সকলোকে শোকস্তব্ধ কৰি তুলিছে।

Leave a Comment