সুদীৰ্ঘ ২৬ বছৰ দেশ মাতৃৰ সেৱা আগবঢ়াই অৱসৰৰ পিছত স্বগৃহত উপস্থিত কোকৰাঝাৰৰ সেনা জোৱান সুৰেশ চন্দ্ৰ নাথ, ঢোলে-ডগৰে বিপুল আদৰণি ৰাইজৰ…

নিউজ ডেস্কঃ শনিবাৰে কোকৰাঝাৰত সৃষ্টি হ’ল এক উৎসৱ মুখৰ পৰিৱেশৰ। ভাৰতীয় সেনা বাহিনীৰ পৰা অসৱৰ গ্ৰহণ কৰা এগৰাকী জোৱানক নাচি-বাগি, বেণ্ডপাৰ্টী বজাই, ফটকা ফুটাই স্বগৃহলৈ আদৰণি জনালে ৰাইজে। এই দৃশ্যই ভাবুক কৰি তুলিছে সকলোকে।

ভাৰতীয় সেনা বাহিনীত সুদীৰ্ঘ ২৬ বছৰ কাল সেৱা আগবঢ়াই যোৱা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিছিল কোকৰাঝাৰ সদৰ চহৰৰ ডিয়াঝিজৰী গাঁৱৰ নিৱাসী সুৰেশ চন্দ্ৰ নাথে।

শেহতীয়াকৈ তেওঁ কৰ্তব্যৰত আছিল ৰাজস্থানত। তাতেই তেওঁ অৱসৰ গ্ৰহণ কৰি শনিবাৰে উপস্থিত হয় কোকৰাঝাৰৰ স্বগৃহত। জোৱানগৰাকী কোকাৰঝাৰত উপস্থিত হোৱাৰ পিছতে কেইবাখনো গাঁৱৰ ৰাইজে নাচি-বাগি বালাগাঁওৰ জেডি পথৰ পৰা ২ কিলোমিটাৰ পথ আদৰি নিয়ে সুৰেশ চন্দ্ৰ নাথক।

মহিলাসকলে জনজাতীয় সাজ পৰিধান কৰি ফটকা ফুটাই, ঢোলে-ডগৰে জোৱানজনক আদৰণি জনোৱাত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ।

উল্লেখ্য যে, ১৯৯৬ চনৰ ২৯ আগষ্টত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল সুৰেশ চন্দ্ৰ নাথে। দেশৰ বিভিন্ন প্ৰান্তত বিগত ২৬ বছৰে দেশ-মাতৃৰ সেৱা আগবঢ়াই অৱশেষত সেনাবাহিনীৰ ৬১৬নং ইলেক্ট্ৰিক মেকানিক ইঞ্জিনিয়াৰ বেটেলিয়ানৰ পৰা অৱসৰ গ্ৰহণ কৰে সুৰেশ চন্দ্ৰ নাথে। ১৯৯৯ চনত হোৱা কাৰ্গিল যুদ্ধৰ সময়তো দেশ মাতৃৰ হকে যুঁজ দিছিল সেনা জোৱান সুৰেশ চন্দ্ৰ নাথে।

ইফালে, জোৱানজনক স্বগৃহত এনেদৰে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আদৰণি জনোৱাত আনন্দ ব্যক্ত কৰে সুৰেশ চন্দ্ৰ নাথে। তেওঁ কয় যে ভাৰতীয় সেনা বাহিনীত সেৱা আগবঢ়াবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়।