বিদেশৰ পৰা সপৰিয়ালে দেশলৈ উভতিছিল, বিমান বন্দৰৰ পৰা স্বগৃহলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পত্নীসহ হেৰুৱালে প্ৰাণ

নিউজ ডেস্কঃ এক দীৰ্ঘ সময়ৰ অন্তত দুই সন্তানসহ স্বদেশলৈ উভতিছিল হেমাম আৰু ৰজিতা।

কৰ্মৰ খাতিৰত আপোন মাটিৰ পৰা দূৰৈত থাকিবলগা হ’লেও প্ৰায়ে আপোন ঘৰখন আৰু মাতৃভূমিলৈ মনত পৰে তেওঁলোকৰ।

সেইবাবে এইবাৰ কিছুদিন থকাকৈয়ে দুই সন্তানক লগত লৈ ভাৰতত উপস্থিত হৈছিল দম্পতীহাল।

কিন্তু বিমানৰ পৰা নামি গৃহাভিমুখে আহি থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত স্বামী-স্ত্ৰী দুয়োজনে প্ৰাণ হেৰুৱায়।

NRI couple dies in accident in Telangana

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ চামছাবাদত।

জানিব পৰা মতে, অষ্ট্ৰেলিয়াৰ আইটি কোম্পানীত কৰ্মৰত হেমাম বাৰদাৰ (৪০) আৰু তেওঁৰ পত্নী ৰজিতা (৩৫)ই দুই সন্তানক লগত লৈ দীৰ্ঘসময়ৰ পিছত ভাৰতলৈ আহিছিল।

তেলেংগানাৰ চামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মঙলবাৰে মাজনিশা পৰিয়ালটোৱে বিমানৰ পৰা নামি তাৰ পৰা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ ৰেড্ডিগুডেমৰ স্বগৃহলৈ যাবলৈ এখন টেক্সি ভাড়া কৰে।

NRI couple on way home die in accident, hours after landing in Hyderabad

বিমান বন্দৰৰ পৰা স্বগৃহলৈ এই আঢ়ৈ ঘণ্টাৰ বাটৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা! এনআৰআই পৰিয়ালটোৱে যাত্ৰা কৰা টেক্সিখনে নিয়ন্ত্ৰণ হেৰুৱাই গুনপুলা গাঁৱৰ সমীপৰ এটা কালভাৰ্টত প্ৰচণ্ড জোৰে খুন্দা মৰাত হেমাম বাৰদাৰ আৰু পত্নী ৰজিতা বাৰদাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তেওঁলোকৰ দুই সন্তান আৰু টেক্সি চালক। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত তিনিজক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, বুধবাৰে পুৱতি নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পিছত জানিবলৈ দিয়া মতে, টেক্সি চালকজনে গাড়ী চলাই থকাৰ সময়তে টোপনি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, প্ৰায় ৩ বছৰৰ পিছত হেমাম বাৰদাৰে পৰিয়ালসহ ঘৰলৈ আহিছিল। কিন্তু অহাৰ পথতে এনেদৰে দম্পতীহালে দুৰ্ঘটনাত মৃত্যুত সাৱটি ল’বলগীয়া হোৱাৰ ঘটনাই শোকৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

ৰিয়েল হিৰ’! কন্যা শিশুক লগত লৈ লুইতত জাঁপ মহিলাৰ, প্ৰাণৰক্ষা কৰিলে বুদ্ধেশ্বৰে…

G01 2
বিদেশৰ পৰা সপৰিয়ালে দেশলৈ উভতিছিল, বিমান বন্দৰৰ পৰা স্বগৃহলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পত্নীসহ হেৰুৱালে প্ৰাণ 4

Leave a Comment