fbpx
অসমীয়াঅসম

সুদীৰ্ঘ ডেৰ মাহৰ অন্তত অৱেশেষত মুকলি আকাশৰ তললৈ প্ৰতিভাৱান বক্সাৰ প্ৰণিতা চুতীয়া

নিউজ ডেস্কঃ আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত কমেণ্ট কৰি বিগত প্ৰায় ডেৰ মাহে কাৰাবন্দী হৈ থকা প্ৰণিতা চুতীয়া ওৰফে মাইনা চেতিয়াই অৱশেষত লাভ কৰিলে জামিন।

চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰণিতা চুতীয়াৰ জামিন মঞ্জুৰ কৰাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় প্ৰতিভাবান বক্সাৰগৰাকী।

image 48

উল্লেখ্য যে, সামাজিক মাধ্যমত ‘আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা’ বুলি কমেণ্ট কৰাৰ অপৰাধত যোৱা ১৭ জুনত চৰাইদেউ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল প্ৰতিভাৱান খেলুৱৈগৰাকীক।

ইয়াৰ পিছতে বিগত প্ৰায় ডেৰমাহ ধৰি কাৰাবন্দী হৈ থাকিবলগীয়া হয় প্ৰণিতা চুতীয়াই।

image 47

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা প্ৰণিতা বৰুৱাৰ গ্ৰেপ্তাৰক লৈ সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

প্ৰণিধানযোগ্য যে, বিগত কিছুদিনত সামাজিক মাধ্যমত আলফাৰ সমৰ্থনৰ কৰা পোষ্টৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে ৰাজ্যৰ কেইবাজনো যুৱক-যুৱতীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!