সুখবৰ! মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হেড মাউত দণ্ডেশ্বৰ বড়োলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘গজ গৌৰৱ বঁটা’

নিউজ ডেস্কঃ ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ অহা হস্তী-মানুহৰ সংঘাতৰ মাজতে সুখবৰ। সুদীৰ্ঘ ৩৫ বছৰ কাল হাতীৰ সৈতে একেলগে পাৰ কৰি এক নিবিড় সম্পৰ্ক গঢ়ি তোলা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হেড মাউত দণ্ডেশ্বৰ বড়োলৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ‘গজ গৌৰৱ বঁটা’।

মানাহ ব্যাঘ্র প্রকল্পৰ সঞ্চালক বৈভৱ চন্দ্ৰ মাথুৰে প্ৰকাশ কৰা তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ, বন, জলবায়ু মন্ত্ৰ্যালয়ৰ ছায়েনটিষ্ট ই (প্রজেক্ট এলিফেণ্ট)ৰ পৰা দণ্ডেশ্বৰ বড়োক এই বঁটাৰ বাবে মনোনীত কৰা হৈছে। অহা ১২ আগষ্টত কেৰালাৰ পেৰিয়াৰ এলিফেণ্ট ৰিজাৰ্ভত অনুষ্ঠিত হ’বলগীয়া বিশ্ব হস্তী দিৱসত ‘গজ গৌৰৱ বঁটা’ প্ৰদান কৰা হ’ব দণ্ডেশ্বৰ বড়োক।

photo1659503662
সুখবৰ! মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হেড মাউত দণ্ডেশ্বৰ বড়োলৈ কেন্দ্ৰীয় চৰকাৰৰ 'গজ গৌৰৱ বঁটা’ 3

উল্লেখ্য যে, সুদীৰ্ঘ ৩৫ বছৰ কাল হাতীৰ সৈতে থাকি এক নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হেড মাউত দণ্ডেশ্বৰ বড়োৰ পিতৃও ৰাষ্ট্ৰীয় উদ্যানখনৰ মাউত আছিল।

পিতৃৰ পৰাই হাতী পৰিচালনাৰ শিক্ষা লাভ কৰা দণ্ডেশ্বৰ বড়োৱে ১৯৮৭ চনত ৰাষ্ট্ৰীয় উদ্যাখনৰ অস্থায়ী কৰ্মচাৰী হিচাপে কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৯৪ চনত তেওঁ মাউত হিচাপে স্থায়ী নিযুক্তি লাভ কৰাত হাতীৰ সৈতে তেওঁৰ সম্পৰ্ক অধিক নিবিড় হৈ পৰে।

দিনটোৰ বেছিভাগ সময় ৰাষ্ট্ৰীয় উদ্যানখনৰ পোহনীয়া হাতীৰ সৈতে পাৰ কৰি অহা দণ্ডেশ্বৰ বড়োৱে তেওঁলৈ আগবঢ়োৱা কেন্দ্ৰীয় চৰকাৰৰ বঁটাৰ বিষয়ে শুনি আনন্দ ব্যক্ত কৰে।

photo1659503680
সুখবৰ! মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হেড মাউত দণ্ডেশ্বৰ বড়োলৈ কেন্দ্ৰীয় চৰকাৰৰ 'গজ গৌৰৱ বঁটা’ 4

তেওঁ কয় যে, বিগত ৩৫ বছৰৰ সৰহ সময় তেওঁৰ হাতীৰ সৈতেই পাৰ হৈছে। পুৱা হাতীক মহলৰ পৰা উলিয়াই আনি গা ধুওৱাৰ পৰা হাতীৰ পিঠিত উঠি ঘন অৰণ্যৰ মাজত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱালৈকে প্ৰতিদিনেই তেওঁ কৰি অহা কামবোৰে হাতী আৰু তেওঁৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে।

কেতিয়াবা মাতৃহাৰা পোৱালি হাতীক নিজ হাতেৰে গাখীৰো খুওৱাবলগীয়া হয় তেওঁ। সুদীৰ্ঘ ৩৫ বছৰত বহু পোৱালি হাতী তেওঁৰ চকুৰ সন্মুখতে ডাঙৰ হৈছে, বহু হাতীৰ মৃত্যু ঘটিছে।

মানাহৰ পোহনীয়া হাতীবোৰ এতিয়া তেওঁৰ পৰিয়ালৰ একো একোজন সদস্যৰ দৰে হৈ পৰা বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ হেড মাউত দণ্ডেশ্বৰ বড়োৱে।