
নিউজ ডেস্কঃ তুৰস্কৰ ৰাজধানী চহৰ ইস্তানবুলত অনুষ্ঠিত হৈ থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ বাবে স্বৰ্ণপদক আজুৰিবলৈ সক্ষম হ’ল নিখাত জৰিনে।
প্ৰতিযোগিতাৰ ৫২ কেজি শাখাৰ চূড়ান্ত খেলত থাইলেণ্ডৰ জিটপং জুটামাছক পৰাজিত কৰি স্বৰ্ণজয় কৰিবলৈ সক্ষম হয় ভাৰতীয় ক্ৰীড়াবিদ গৰাকীয়ে।

উল্লেখ্য যে, বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মেৰী কম, সৰিতা দেৱী, জেনি আৰ এল আৰু লেখা কেচিৰ পিছতে পঞ্চমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে নিখাত জৰিন।
২৫ বৰ্ষীয় নিখাত জৰিনে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ভাৰতীয় বক্সিং সন্থাৰ অধ্যক্ষ অজয় সিঙেও নিখাতৰ সফলতাত আনন্দ ব্যক্ত কৰিছে।

ইফালে একেখন প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰ মনীষাই ৫৭ কেজি শাখাত আৰু পাৰবীনে ৬৩ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, ৭৩ খন দেশৰ মুঠ ৩১০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ ১২ জন খেলুৱৈৰ ভিতৰত ৮ জনেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে টকিঅ’ অলিম্পিকত পদক জয়েৰে দেশবাসীক গৌৰৱাম্বিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডতে বাহিৰ হ’বলগীয়া হোৱাত আশাহত হৈছিল ক্ৰীড়াপ্ৰেমী।