সুখবৰঃ ডিআইডি লিটল মাষ্টাৰ্ছত বিজয়ীৰ খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীৰ

নিউজ ডেস্কঃ সৰু পৰ্দাৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্ছৰ ছিজন-৫ত জিলিকিল অসম সন্তান নৱজিৎ নাৰ্জাৰী। গোলাঘাট জিলাৰ মেৰাপানীৰ চাংখাটিৰ কণমানি নৱজিতে দেওবাৰে লাভ কৰিবলৈ সক্ষম হয় ৰিয়েলিটী শ্ব’টোৰ বিজয়ীৰ খিতাপ।

photo1656305349
সুখবৰঃ ডিআইডি লিটল মাষ্টাৰ্ছত বিজয়ীৰ খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীৰ 5

মাত্ৰ ৯ বছৰীয়া নৱজিত নাৰ্জাৰীয়ে ডিআইডি লিটিল মাষ্টাৰ্ছৰ চিজন-৫ত অসমৰে ধেমাজিৰ আপ্পুন পেগু, আধ্যাশ্ৰী, সাগৰ ভাৰপে আৰু ঋষিতা তাঁতীক পৰাস্ত কৰি বিজয়ীৰ খিতাপ লাভ কৰে।

photo1656305349 1
সুখবৰঃ ডিআইডি লিটল মাষ্টাৰ্ছত বিজয়ীৰ খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীৰ 6

পুৰস্কাৰ হিচাপে নৱজিতে লাভ কৰিছে ৫ লাখ টকাৰ চেক আৰু ট্ৰফী।

photo1656305349 2
সুখবৰঃ ডিআইডি লিটল মাষ্টাৰ্ছত বিজয়ীৰ খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীৰ 7

উল্লেখ্য যে, এই ৰিয়েলিটী শ্ব’টোৰ বিচাৰক হিচাপে আছিল অভিনেত্ৰী সোণালী বেন্দ্ৰে, মৌনী ৰয় আৰু নৃত্য পৰিচালক ৰেমো ডিছুজা।

photo1656305358
সুখবৰঃ ডিআইডি লিটল মাষ্টাৰ্ছত বিজয়ীৰ খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীৰ 8

ইফালে নৱজিতে ৰিয়েলিটী শ্ব’ত বিজয়ী হোৱাৰ পিছতে আনন্দৰ বন্যা নামে গোলাঘাটৰ মেৰাপানীত। কণমানি নৱজিতৰ গাঁওবাসী আৰু তেওঁৰ গুণমুগ্ধসকলে ঢোলে-দগৰে আনন্দ উৎসৱ পালন কৰা দেখা যায়।