নিউজ ডেস্কঃ সৰু পৰ্দাৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্ছৰ ছিজন-৫ত জিলিকিল অসম সন্তান নৱজিৎ নাৰ্জাৰী। গোলাঘাট জিলাৰ মেৰাপানীৰ চাংখাটিৰ কণমানি নৱজিতে দেওবাৰে লাভ কৰিবলৈ সক্ষম হয় ৰিয়েলিটী শ্ব’টোৰ বিজয়ীৰ খিতাপ।

মাত্ৰ ৯ বছৰীয়া নৱজিত নাৰ্জাৰীয়ে ডিআইডি লিটিল মাষ্টাৰ্ছৰ চিজন-৫ত অসমৰে ধেমাজিৰ আপ্পুন পেগু, আধ্যাশ্ৰী, সাগৰ ভাৰপে আৰু ঋষিতা তাঁতীক পৰাস্ত কৰি বিজয়ীৰ খিতাপ লাভ কৰে।

পুৰস্কাৰ হিচাপে নৱজিতে লাভ কৰিছে ৫ লাখ টকাৰ চেক আৰু ট্ৰফী।

উল্লেখ্য যে, এই ৰিয়েলিটী শ্ব’টোৰ বিচাৰক হিচাপে আছিল অভিনেত্ৰী সোণালী বেন্দ্ৰে, মৌনী ৰয় আৰু নৃত্য পৰিচালক ৰেমো ডিছুজা।

ইফালে নৱজিতে ৰিয়েলিটী শ্ব’ত বিজয়ী হোৱাৰ পিছতে আনন্দৰ বন্যা নামে গোলাঘাটৰ মেৰাপানীত। কণমানি নৱজিতৰ গাঁওবাসী আৰু তেওঁৰ গুণমুগ্ধসকলে ঢোলে-দগৰে আনন্দ উৎসৱ পালন কৰা দেখা যায়।