সুকলমে সম্পন্ন হৈছিল বিয়া, ন-কইনাই বিদায় লােৱাৰ মুহূৰ্তত ঘটিল এক হৃদয়বিদাকৰ ঘটনা

March 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সুকলমে সম্পন্ন হৈছিল বিয়াৰ সকলাে বিধি-বিধান। কিন্তু পিতৃ-মাতৃৰ ঘৰৰ পৰা ন-কইনাই বিদায় লােৱাৰ মুহূৰ্তত ঘটিল এক হৃদয়বিদাৰক ঘটনা।

ওপজা ঘৰখন এৰি যােৱাৰ মুহূৰ্তত হিয়া ঢাকুৰি কান্দিলে ন-কইনাই।

কান্দি-কান্দি হঠাতে মাটিত ঢলি পৰিল কইনাজনী। ইয়াৰ পাছতে আকস্মিক মৃত্যু ঘটিল যুগ্ম জীৱনৰ সপােন ৰচা কইনাজনীৰ।

এই হৃদয়বিদাকৰ ঘটনা সংঘটিত হৈছে ওড়িষাৰ সোনপুৰ জিলাৰ জুলুণ্ডা গাঁৱত।

দুৰ্ভগীয়া কইনাজনীৰ নাম গুপ্তেশ্বৰী চাহু। আত্মীয়ৰ মাজত ৰ’জী বুলি পৰিচিত গুপ্তেশ্বৰী।

সকলো নীতি-নিয়মৰ মাজেৰে ধুমধামেৰে সমাপন হ’ল ৰ’জীৰ বিয়া।

কিন্তু বিদায় পৰ্বত ন-কইনা ৰ’জীয়ে সাৱটি লয় কৰুণ মৃত্যুক।

নিজৰ ওপজা ঘৰখনৰ লগতে ইহসংসাৰ পৰাই চিৰদিনলৈ বিদায় মাগিলে ৰ’জীয়ে।

জানিব পৰা মতে, বিদায় পৰ্বৰ সময়ত কান্দি কান্দি ৰ’জী সংজ্ঞাহীন হৈ মাটিত ঢলি পৰে।

লগে লগে ৰ’জীক হাত-ভৰি মালিচ কৰি উঠাবলৈ চেষ্টা কৰে। কিন্তু সফল নোহোৱাত ততাতৈয়াকৈ হাস্পতাললৈ লৈ যােৱা হয়।

হাস্পতালত চিকিৎসকে ৰ’জীক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি প্ৰকাশ কৰে চিকিৎসকে।

এই কৰুণ ঘটনাই সেমেকাই তুলিছে বহুতৰে চকু। গভীৰ শােকৰ ছাঁ পেলাইছে বৃহত্তৰ অঞ্চলটােত।

লগতে চাওকঃ

৪ যুৱকৰ সৈতে প্ৰেম আছিল যুৱতীৰ! লটাৰী পাতি এজনৰ সৈতে বিয়া সম্পন্ন কৰিলে পঞ্চায়তে