
নিউজ ডেস্ক। সতীৰ্থৰ সৈতে সুউচ্চ এঢলীয়া পাহাৰত দুঃসাহসিক ট্ৰেকিং অভিযানলৈ গৈ বিপদত পৰিল এজন ২৩ বছৰীয়া যুৱক।
দুই বন্ধুৰ সৈতে পাহাৰৰ শিখৰলৈ বুলি ট্ৰেকিং আৰম্ভ কৰা যুৱকজন পিছলি পৰি দুদিন ধৰি আবদ্ধ হৈ পৰিল এঢলীয়া পাহাৰ মাজ অংশত।
সামাজিক মাধ্যমৰ জৰিয়তে সহায়ৰ আহ্বান জনােৱাৰ পাছতে যুৱকজনৰ উদ্ধাৰ অভিযানত নামি পৰিল এনডিআৰএফ, উপ-কুলৰক্ষী বাহিনী, বায়ু সেনাৰ লগতে স্থলসেনা বাহিনীৰ উদ্ধাৰকাৰী দল।
এই ঘটনা সংঘটিত হ’ল কেৰালাৰ পালাক্কাড জিলাৰ মালাম্পুঝা গাঁৱৰ পাহাৰত।
#KeralaTrekker #BabuRescue #Malampuzha https://t.co/wzYaYZSQJa pic.twitter.com/3Rp8ooP5Or
— 𝐀𝐣𝐞𝐞𝐭𝐡 𝐊𝐫𝐢𝐬𝐡𝐧𝐚𝐬𝐚𝐦𝐲 (@AjeethK_) February 10, 2022
পাহাৰৰ মাজ অংশত আবদ্ধ হৈ থকা আৰ বাবু নামৰ ২৩ বছৰীয়া ট্ৰেকাৰজনক ৪৫ ঘণ্টীয়া কষ্টকৰ অভিযান চলাই নিৰাপদে উদ্ধাৰ কৰে ভাৰতীয় সেনাই।
জানিব পৰা মতে, আৰ বাবুৱে আন তিনিজন বন্ধুৰ সৈতে সোমবাৰে মালাম্পুঝা গাঁৱৰ কুৰ্মবাচী পাহাৰত ট্রেকিং কৰিবলৈ গৈছিল। কিন্তু গধূলি এটা দুর্ঘটনাত পতিত হৈ আৰ বাবু তললৈ খহি পৰে আৰু তেতিয়াৰ পৰাই থিয় পাহাৰৰ শিলৰ মাজত আশ্ৰয় লৈ আছিল তেওঁ।
Specialist teams with qualified mountaineers and rock climbing experts of #IndianArmy successfully rescued the #KeralaTrekker from the 600mtr deep cleft in the Malampuzha res forest area in Palakkad, Kerala.@DefenceMinIndia @rajnathsingh@drajaykumar_ias@AjaybhattBJP4UK@adgpi pic.twitter.com/MxpKVfefy1
— A. Bharat Bhushan Babu (@SpokespersonMoD) February 9, 2022
ইয়াৰ পাছতে যুৱকজনে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ ফটাে প্ৰকাশ কৰি সহায়ৰ আহ্বান জনায়।
লগে লগে আৰম্ভ হয় বৃহৎ উদ্ধাৰ অভিযান। সেনাৰ উদ্ধাৰকাৰী দল ট্ৰেকিং কৰি উপস্থিত হয় যুৱকজনৰ কাষত।
.Indian Army teams undertook a rescue operation to extricate a person stuck in a steep gorge in Malampuzha mountains, Palakkad, Kerala. Teams were mobilised overnight and the person rescued.@dproudveterans #theproudveterans @adgpi pic.twitter.com/U9ZZIZCFLj
— Colonel Mayank Chaubey (@col_chaubey) February 9, 2022
উদ্ধাৰকাৰী সেনা জােৱানসকলে যুৱকজনক প্রথমে আহাৰ আৰু পানী খুৱায়। তাৰ পাছতে উদ্ধাৰ কৰি হেলিকপ্টাৰৰ জৰিয়তে চিকিৎসায়লৈ প্ৰেৰণ কৰে।
সেনাৰ এই সাহসিক কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। ট্ৰেকাৰ আৰ বাবুৰ পৰিয়ালৰ লোকে ভাৰতীয় সেনাক অশেষ ধন্যবাদ জনায়।
ബാബുവിന്റെ ആദ്യ പ്രതികരണം..ആരോഗ്യസ്ഥിതി മെച്ചപ്പെട്ടെന്ന് ബാബു. #Babu #IndianArmy #Malampuzha pic.twitter.com/cKGcLoSSMW
— Zee Malayalam News (@ZeeMalayalam) February 10, 2022
আৰ বাবুৱেও সেনাৰ গালত চুমা খাই অশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।