সুউচ্চ পাহাৰত ট্ৰেকিং কৰিবলৈ গৈ গভীৰ খাদত পিছলি পৰিল যুৱক, বায়ুসেনাই কৰিলে উদ্ধাৰ

থিয় আৰু শিলাময় নন্দী পাহাৰত ট্ৰেকিং কৰিবলৈ গৈ ৩০০ ফুট গভীৰ খাদত পিছলি পৰে বাংগালুৰুৰ এজন ১৮ বছৰীয়া যুৱক।

পিছত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰযোগে গভীৰ খাদত আবদ্ধ যুৱকজনক উদ্ধাৰ কৰা হয়।

G06 1
সুউচ্চ পাহাৰত ট্ৰেকিং কৰিবলৈ গৈ গভীৰ খাদত পিছলি পৰিল যুৱক, বায়ুসেনাই কৰিলে উদ্ধাৰ 2

কেন্দ্ৰীয় ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক এম চন্দ্ৰশেখৰে জানিবলৈ দিয়া মতে পিইএছ বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষৰ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ নিশাংকে শিলাময় নন্দী পাহাৰৰ শিখৰত উপনীত হ’বলৈ এটা নতুন পথ সন্ধান চলাই থকাৰ সময়তে পাহাৰৰ পৰা পিছলি গভীৰ খাদত বাগৰি পৰে।

অৱশ্যে সেই সময়ত নিশাংকৰ মোবাইল ফোনটোৱে কাম কৰে থকাত যুৱকজনে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে তেওঁৰ অৱস্থান আৰক্ষীলৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে চিক্কাবাল্লাপুৰৰ আৰক্ষী অধীক্ষক জি কে মিথুন কুমাৰ, অতিৰিক্ত উপায়ুক্ত আমৰীশ আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু ঠাইখিনি অতি দুৰ্গম হোৱাৰ বাবে উদ্ধাৰৰ বাবে য়েলাহাঙ্কাত ভাৰতীয় বায়ু সেনাৰ সহায় বিচাৰে। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতীয় বায়ু সেনাৰ উদ্ধাৰকাৰী দলে হেলিকপ্টাৰৰ জড়িয়তে আবদ্ধ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত আহত নিশাংকক বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে নিশাংকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ ধাৰাৰ অধীনত আৰু অনধিকাৰ প্ৰৱেশৰ বাবে গোচৰ ৰুজু কৰা হৈছে।

Leave a Comment