
নিউজ ডেস্ক। দেশৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ল অসম সন্তান, আইপিএছ বিষয়া ডঃ সুজয় লাল থাউচেন।
৩১ ডিচেম্বৰত বিএছএফৰ সঞ্চালকপ্ৰধানৰূপে (ডিজি) দায়িত্ব গ্ৰহণ মধ্যপ্ৰদেশ কেডাৰৰ জ্যেষ্ঠ আইপিএছ বিষয়া ডঃ সুজয়লাল থাউচেনৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে থাউচেনক চিআৰপিএফৰ নতুন সঞ্চালকপ্ৰধান পদত নিযুক্তি প্ৰদান কৰিছিল।
বৰ্তমানে তেওঁক চিআৰপিএফৰ লগতে বিএছএফৰে সঞ্চালক প্ৰধান পদত নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে ডঃ সুজয় লাল থাউচেন উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাফলঙৰ মূল বাসিন্দা।