fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা! গ্ৰেপ্তাৰ ৭ ৰোহিংগীয়া কিশোৰ-কিশোৰীক

নিউজ ডেস্কঃ সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ লওতেই বাংলাদেশৰ ভাৰত সীমান্তৰ শ্ৰীহট্টত গ্ৰেপ্তাৰ হ’ল ৭ জন ৰোহিংগীয়া মুছলমান।

কক্সৰ বজাৰ ৰোহিংগীয়া শিৱিৰৰ পৰা পলায়ন কৰি দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে ৰোহিংগীয়া কেইজনক। ধৃত ৰোহিংগীয়া কেইজনৰ অধিকাংশই কিশোৰ-কিশোৰী বুলি জানিব পৰা গৈছে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬.৩০ বজাত বৰালেখা উপজিলাৰ শ্বাহবাজপুৰ ইউনিয়নৰ কুমাৰশৈল সীমান্তৰে ৭ জন ৰোহিংগীয়াই ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

কিশোৰ-কিশোৰী সকলৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত গাঁওখনৰ মাদ্ৰাছাৰ সমীপতে আটাই কেইজনক কৰায়ত্ত কৰে ৰাইজে। ইয়াৰ পিছতে ৰাইজে সাতোজন ৰোহিংগীয়াক বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ হাতত চমজাই দিয়ে।

rohingya

গ্ৰেপ্তাৰ কৰা লোক কেইজনক ক্ৰমে- মহম্মদ ছফিকুল (১৯), সমীন আৰা (১৮), ৰুজিনা আখতাৰ (১৭), শুকতাৰা (১৫), ফাতেমা খাতুন (১৭), মল্লিকা (১৫) আৰু আচিয়া (১৬) বুলি চিনাক্ত কৰা হৈছিল। আটাইকেইজনেই কক্স বজাৰ ৰোহিংগীয়া শিবিৰৰ পৰা পলায়ন কৰিছিল।

বাংলাদেশৰ নিৰাপত্তা বাহিনীৰ সূত্ৰ অনুসৰি ধৃত ৰোহিংগীয়া কেইজনে সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। সোধা-পোছাৰ অন্তত বিজিবিয়ে বাংলাদেশ আৰক্ষীক গতাই দিয়ে। বৃহস্পতিবাৰে আৰক্ষীয়ে তেওঁলোকক পুনৰ কক্স বজাৰৰ উখিয়াৰ কুটুপালং থাংকালি ৰোহিংগীয়া শিবিৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, যোৱা ১২ মে’ত মৌলভিবজাৰ চহৰত বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে ২৫ জন ৰোহিংগীয়াক আটক কৰিছিল। মহানগৰীৰ বাছ ষ্টেণ্ডৰ সমীপত সন্দেহজনকভাৱে ঘূৰি ফুৰা দেখা পোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল আটাই কেইজনক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!