fbpx
অসমীয়াৰাষ্ট্ৰীয়

সীমান্ত পাৰ হ’বলৈ লওতেই BSFৰ খেদা! নিশাৰ অন্ধকাৰত নৈত পৰি সন্ধানহীন ২ শিশু, কোনোমতে সাঁতুৰি পাৰ পালে পিতৃ-মাতৃয়ে

নিউজ ডেস্কঃ এন্ধাৰতে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে সীমান্তৰ নীলকমল নৈত পৰি সন্ধানহীন হ’ল দুটিকৈ শিশু। পিতৃ-মাতৃৰ ভুলৰ বাবে সীমান্তৱৰ্তী নদীৰ পানীত বুৰ হৈ দুটিকৈ শিশু সন্ধানহীন হোৱাৰ ঘটনাই শোকৰ বন্যা নমাইছে বাংলাদেশৰ কুৰিগ্ৰামৰ নাগেশ্বৰী মহকুমাস্থিত চৰকাৰী গাঁৱত।

ইফালে নিৰুদ্দিষ্ট শিশুদুটিৰ শোকত ম্ৰিয়মান হৈ পৰিছে মাতৃ চামিনা বেগম আৰু পিতৃ ৰাইচ উদ্দিনো। এই শোকাবহ ঘটনাটো সংঘটিত হয় শুকুৰবাৰে নিশা।

বাতৰি অনুসৰি, শুকুৰবাৰে নিশা কুৰিগ্ৰামৰ ফুলবাৰী মহকুমাৰ ধৰ্মপুৰ সীমান্তৰ মাজেৰে দুই কণমানি শিশুক লগত লৈ বাংলাদেশত প্ৰৱেশ কৰা চলাইছিল চামিনা আৰু ৰাইচ উদ্দিনে।

image 22

সেই সময়তে সীমান্তত পহৰা দি থকা বিএছএফে খেদি যোৱাত নিশাৰ অন্ধকাৰতে নীলকমল নদী পাৰ হ’বলৈ চেষ্টা কৰে চামিনা আৰু ৰাইচ। চামিনা আৰু ৰাইচ উদ্দিনে সাঁতুৰি নৈ পাৰ হ’বলৈ সক্ষম হ’লেও নৈৰ পানীত ডুবি সন্ধানহীন হৈ পৰে তেওঁলোকৰ দুই সন্তান।

ৰাইচ উদ্দিনে দাবী কৰা মতে শুকুৰবাৰে নিশা ভাৰতৰ হাৰিয়ানা-ৰাজস্থান সীমান্তৰ চুলতানপুৰ অঞ্চলৰ হাচিহেচা ভাটাত কাম কৰাৰ অন্তত দালাল জাইদুল আৰু গেদাৰ সহযোগত বেহাৰ জিলাৰ দিনাটা আৰক্ষী থানাৰ অন্তৰ্গত কাশীপুৰ ইউনিয়নৰ ধৰ্মপুৰ সীমান্তৰ পৰা ঘৰলৈ উভতি আহি আছিল।

image 21

তেওঁৰ পত্নী চামিনা বেগম,৮ বছৰীয়া কন্যা পাৰবীন খাতুন আৰু ৪ বছৰীয়া পুত্ৰ চাকিবুৰ হাছানৰ সৈতে নীলকমল নদীৰ পাৰত সীমান্ত পাৰ হবলৈ লওঁতেই বিএছএফৰ দৃষ্টিগোচৰ হয়। ফলত তেওঁলোক নদীত বাগৰি পৰে। তাৰ পিছতে নদীত সন্ধানহীন হৈ পৰে শিশু দুটা।

লালমোনিৰহাট ১৫ বিজিবি কাশীপুৰ শিবিৰৰ কোম্পানী কমাণ্ডাৰ কবীৰ হোছেইনে এই ঘটনাৰ সন্দৰ্ভত শনিবাৰে কয়, “মই খবৰ পাইছো যে ভাৰতৰ পৰা বাংলাদেশলৈ যাওঁতে দুটা শিশু সন্ধানহীন হৈছে। বিষয়টো গুৰুত্বসহকাৰে বিএছএফক জনোৱা হৈছে। অৱশ্যে শিশুদুটিৰ বিষয়ে একো সম্ভেদ পোৱা নাই।’’

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!