
নিউজ ডেস্কঃ ৩১ ডিচেম্বৰ উদযাপনক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ সংবাদমেল।
যান-বাহনক লৈ ১০টা নিময় বান্ধি দিলে আৰক্ষীয়ে।
৩১ ডিচেম্বৰত অনুজ্ঞাপত্ৰবিহীনভাৱে যান-বাহন চলাব নোৱাৰিব ৰাজপথত।
সুৰাপান কৰি চলাব নোৱাৰিব যান-বাহন।
গাড়ী চলোৱাৰ সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন।
৩১ ডিচেম্বৰৰ পূৰ্বে বাৰ, ৰেষ্টুৰেণ্ট, ক্লাব, শ্বপিং মলৰ পাৰ্কিংস্থলীত চিচি টিভি কেমৰা লগোৱাটো বাধ্যতামূলক যান-বাহন আৰক্ষীৰ।
নিশা থাকিব লাগিব পৰ্যাপ্ত লাইটৰ ব্যৱস্থা।
বনভোজস্থলীত সুৰাৰ বিক্ৰী আৰু পানতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
একেটা পৰিয়ালৰ লোকে ব্যৱহাৰ কৰিব লাগিব এখন বাহন।
নিৰ্দিষ্ট লেনত চলাব লাগিব যান-বাহন।
আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিলে ওচৰৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰিবলৈও আহ্বান যান-বাহন আৰক্ষীৰ।
শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান যান-বাহন আৰক্ষীৰ।
৩১ ডিচেম্বৰ আৰু নৱ বৰ্ষৰ সময়ত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই এই নিয়ম জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।