‘সাৱধান! সাৱধান’… শিল্পী দিৱসৰ দিনা ৰূপকোঁৱৰৰ কবিতা আওৰাই মুখ্যমন্ত্ৰীক আক্ৰমণ APCCৰ সভাপতিৰ

আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিন! গীত, কবিতা, নাটক, চিনেমাৰে অসমীয়া জাতিক চহকী কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজি শ্ৰদ্ধাৰে সুৱঁৰিছে অসমবাসীয়ে।

শব্দৰে সামৰি প্ৰকৃতিৰ ৰূপ-সৌন্দৰ্যৰ লগতে সামাজিক, ৰাজনৈতিক পৰিস্থিতিক ফুটাই তোলা ৰূপকোঁৱৰৰ প্ৰতিটো সৃষ্টিয়েই যেন অসমীয়াক বহু কথাই কৈ থৈ যায়।

ৰূপকোঁৱৰৰ সৃষ্টিত দৃশ্যমান সেই সমাজখন তেতিয়াৰ দৰেই আজিও যেন সমানেই প্ৰাসংগিক। তেওঁৰ শব্দই ফুটাই তোলা ক্ষোভ, আনন্দ, প্ৰেমৰ অনুভূতিয়ে আজিও সমানেই ক্ৰিয়া কৰে।

আজি শিল্পী দিৱসৰ দিনা ৰূপকোঁৱৰৰ এটি কালজয়ী কবিতাৰেই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে আওৰায় জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা “সাৱধান! সাৱধান”ৰ দুটি শাৰী।

শাসকতন্ত্ৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি ১৯৪৮ চনতে ৰূপকোঁৱৰ আগৰৱালাই শব্দৰে সজাইছিল এই কবিতাটি। কবিতাটিৰ প্ৰতিটো শব্দত পৰিস্ফুট হৈছে শাসকতন্ত্ৰৰ ক্ষমতাকেন্দ্ৰিক ঘৃণনীয় ৰাজনীতি।

এই কবিতাটোৰ দুটা শাৰী সংবাদমেলত আওৰাই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

“জনতা-পূজাৰ ভাও দি, চাও দি/ নেদেখুৱাবি, ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বাভিমান/ জনতাই তোৰ স্বৰূপ চিনিছে, সাৱধান, সাৱধান।”

উল্লেখ্য যে, নগাঁৱত মুখ্যমন্ত্ৰীয়ে ৰাজপথৰ ওপৰত কেমেৰাৰ সন্মুখত জিলা উপায়ুক্তক ধমক দিয়া কাণ্ড আৰু নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্প কমল বৰুৱাক বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাই দিয়া ফৌনিক ভাবুকিক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া।

এনে পৰিপ্ৰেক্ষিততে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ শাৰী আওৰাই শিল্পী দিৱসৰ দিনা মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় এপিচিচিৰ সভাপতি ভূপেন বৰাই।

লগতে চাওকঃ

On Camera প্ৰশাসনিক বিষয়াক ধমক কিয়? মুখ্যমন্ত্ৰীক প্ৰশ্ন শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ

G6

Leave a Comment