সাৱধান! চাফা কৰাৰ চলেৰে চোৰে লুটি নিব পাৰে আপোনাৰ মৰমৰ সোণৰ চেইনডাল, এজনক গ্ৰেপ্তাৰ

সাৱধান হওক!

চাফা কৰাৰ চলেৰে চোৰে লুটি নিব পাৰে আপোনাৰ মৰমৰ সোণৰ চেইনডাল।

জামুগুৰিহাটৰ মূঢ়াদলত সোণ চাফা কৰাৰ চলৰে চেইন চুৰি কৰি আৰক্ষীৰ জালত বিহাৰৰ ৰমেশ কুমাৰ নামৰ এজন লোক।

জানিব পৰা মতে, বিগত মাহৰ ২০ তাৰিখে জামুগুৰিহাটৰ মুহাদলৰ নিজৰা বৰা নামৰ মহিলাগৰাকীৰ গৃহত আহি উপস্থিত হৈছিল এগৰাকী সোণৰ আ-অলংকাৰ চাফা কৰা লোক।

কিন্তু মাহিলাগৰাকীৰ সৰলতাৰ সুযোগ লৈ ৰাসায়নিক দ্ৰব্য মিহলাই লোকজনে সেইসময়ত উপস্থিত থকা সকলোকে অচেতন কৰি লৈ গ’ল ডেৰ তলা ওজনৰ এডাল চেইন।

ঘটনাৰ এমাহৰ পিছত ধৃত প্ৰৱঞ্চকটোক কোনো এটা টেলিভিছনৰ পৰ্দাত দেখি মহিলাগৰাকীয়ে চিনি পাই লগে লগে মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীয়ে জামুগুৰিহাট আৰক্ষীক অৱগত কৰে।

অৱশেষত আৰক্ষীয়ে ধৃত প্ৰৱঞ্চলকটো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত লোকজন বিহাৰ কাটিহাৰৰ ৰমেশ কুমাৰ বুলি জানিব পৰা গৈছে।