
নিউজ ডেস্কঃ পোহনীয়া কুকুৰৰ দ্বাৰা আক্ৰমণৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পিছতে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নয়ডাৰ স্থানীয় প্ৰশাসনে।
এতিয়াৰে পৰা কাৰোবাৰ পোহনীয়া কুকুৰে যদি কোনোবা ব্যক্তিক আক্ৰমণ কৰে, তাৰ বিনিময়ত কুকুৰৰ মালিকে দিব লাগিব ১০ হাজাৰ টকা।
তদুপৰি আক্ৰান্তৰ চিকিৎসাৰ সমস্ত খৰছো বহন কৰিব লাগিব পোহনীয়া কুকুৰৰ মালিকে।
নয়ডাৰ স্থানীয় প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনা অহা বছৰ অৰ্থাৎ ২০২৩ চনৰ পহিলা মাৰ্চৰ পৰা প্ৰযোজ্য হ’ব বুলি কোৱা হৈছে।
জানিব পৰা মতে, শনিবাৰে নয়ৰা কৰ্তৃপক্ষৰ উদ্যোগত এখন ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হয়। তাত পোহনীয়া কুকুৰৰ আক্ৰমণৰ বিষয়টো আলোচনা কৰা হয়। বৈঠকৰ অন্তত গাইডলাইন জাৰি কৰা হয়।
এই বৈঠকতে আন কেইবাটাও নিৰ্দেশনাও নিৰ্ধাৰণ কৰে স্থানীয় প্ৰশাসনে।
প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, পোহনীয়া কুকুৰৰ বন্ধ্যাকৰণ বাধ্যতামূলক কৰা হৈছে। গাইডলাইন উলংঘা কৰিলে প্ৰতিমাহে ২০০০ টকা জৰিমনা ভৰিব লাগিব মালিকে।
তদুপৰি, বাটৰ কুকুৰৰ খাদ্য দিয়াৰ বাবে নিৰ্দিষ্ট ঠাই নিৰ্ধাৰণ কৰাৰ লগতে বাটত কুকুৰে মলত্যাগ কৰিলে সেয়া পৰিস্কাৰ কৰাৰ দায়িত্বও মালিকৰ বুলি নিৰ্দেশনা জাৰি কৰা হৈছে।
উল্লেখ্য যে, বিগত সময়ত উত্তৰ প্ৰদেশৰ লগতে দেশৰ কেইবাটাও স্থানত পোহনীয়া কুকুৰৰ দ্বাৰা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
বিগত মাহত গাজিয়াবাদত এটা এপাৰ্টমেণ্টৰ লিফ্টৰ ভিতৰত পোহনীয়া কুকুৰে আক্ৰমণ কৰিছিল এটি শিশুক। সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।