fbpx
অসম

সাৱধান! অৰুণোদয় পোৱাসকলৰ ঘৰে-ঘৰে চলিব অভিযান, কৰ্তন হ’ব পাৰে আপোনাৰ নাম…

ভুৱাকৈ অৰুণোদয় আঁচনিৰ ধন লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগ।

ভুৱা অথবা মেনেজ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাসকলৰ আহিব পাৰে বিপদ।

অৰুণোদয় পোৱাসকলৰ ঘৰে-ঘৰে চলিব অভিযান লগত পুনৰ পৰ্যবেক্ষণ কৰা হ’ব অৰুণোদয় হিতাধিকাৰীক।

ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এটা বিশেষ দলে তন্ন তন্নকৈ পৰীক্ষা কৰিব হিতাধিকাৰীৰ সকলো নথিপত্ৰ তথা আঁচনিৰ অৰ্হতাৰ প্ৰমাণ পত্ৰ ৷

ভুৱা তথ্য সংযোগ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা যিকোনো হিতাধিকাৰীৰ কৰ্তন হ’ব নাম।

যিসকলে ভুৱাকৈ অৰুণোদয়ৰ ধন লাভ কৰি আহিছে তেওঁলোকক শীঘ্ৰেই আত্মসমৰ্পন কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

একেসময়তে যোগ্য হিতাধিকাৰীৰ গৃহত লগোৱা হ’ব অৰুণোদয়ৰ লগ’।

লগতে ৰাজ্যত শীঘ্ৰেই দিব্যাংগ আঁচনি আৰম্ভ হ’ব বুলি সদৰি কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!