সাৰি নগ’ল অৱসৰপ্ৰাপ্ত সেনা বিষয়াও! সন্দেহযুক্ত বিদেশীৰ অভিযোগত জাননী বিদেশী ন্যায়াধিকৰণৰ…

নিউজ ডেস্কঃ ভাৰতীয় সেনাৰ হৈ সুদীৰ্ঘ কাল দেশমাতৃৰ সেৱাত নিয়োজিত এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া বিদেশী নাগৰিক হোৱাৰ সন্দেহ!

অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ বিদেশী ন্যায়াধিকৰণৰ।

image 22
সাৰি নগ’ল অৱসৰপ্ৰাপ্ত সেনা বিষয়াও! সন্দেহযুক্ত বিদেশীৰ অভিযোগত জাননী বিদেশী ন্যায়াধিকৰণৰ… 3

উল্লেখ্য যে, জনীয়াৰ আব্দুল হালিম নামৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে সুদীৰ্ঘ ২৮ বছৰ দেশৰ হকে সেৱা আগবঢ়াইছিল।

১৯৯২ চনত ভাৰতীয় সেনাত যোগদান কৰা জনীয়াৰ সৰুসৰিদ গাঁৱৰ নিৱাসী হালিমে ১৯৯৯ চনত কাৰ্গিল যুদ্ধতো অংশ লৈছিল।

image 23
সাৰি নগ’ল অৱসৰপ্ৰাপ্ত সেনা বিষয়াও! সন্দেহযুক্ত বিদেশীৰ অভিযোগত জাননী বিদেশী ন্যায়াধিকৰণৰ… 4

কিন্তু সেইগৰাকী সেনা বিষয়াকেই এতিয়া সন্দেহযুক্ত নাগৰিক সজাই নথি পত্ৰ বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।

২০০৩ চনৰ গোচৰৰ ভিত্তত বৰপেটা বিদেশী ন্যায়াধিকৰণে আব্দুল হালিমলৈ জাননী প্ৰেৰণ কৰিছে।

বিদেশী ন্যায়াধিকৰণৰ এনে কাণ্ডত স্তম্ভিত হৈ পৰিছে অঞ্চলবাসী।