সাৰদাৰ গোচৰত আজি ইডিৰ সন্মুখীন হ’ব অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সদ্য অপসাৰিত সভানেত্রী অংকিতা দত্ত…

সাৰদাৰ গোচৰত আজি ইডিৰ সন্মুখীন হ’ব অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সদ্য অপসাৰিত সভানেত্রী অংকিতা দত্ত।

কলকাতাত প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ৰ কাৰ্যালয়ত সাৰদা কেলেংকাৰিৰ এটা গোচৰত জেৰাৰ সন্মুখীন হ’ব নেত্ৰীগৰাকী।

তদন্তকাৰী সংস্থাটোৰ পৰা কেইদিনমান পূর্বে দত্তই চমন লাভ কৰিছিল। সেই অনুসৰি ইতিমধ্যে দত্ত কলকাতাত উপস্থিত হৈছে।

উল্লেখ্য যে ভুৱা বিত্তীয় প্ৰতিষ্ঠান সাৰদাৰ প্ৰৱঞ্চনাৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ইডিয়ে।

সাৰদাৰ কেলেংকাৰিত অংকিতা দত্তৰ পিতৃ তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রাক্তন সভাপতি প্রয়াত অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্রিন্টার্ছ এণ্ড পাব্লিচাৰ্ছৰ নামো সাঙোৰ খাই আছে।

ইয়াৰ পূৰ্বেও সংস্থাটোৱে যুৱ নেত্ৰীগৰাকীক এবাৰ সোধপোছ কৰিছিল।

ইপিনে, এই সন্দৰ্ভত দত্তই কয় যে, তেওঁ গোচৰটোৰ বিষয়ে একো নাজানে। কাৰণ বিষয়টোৰ লগত তেওঁৰ কোনো সম্পর্কই নাই। সেই সময়ত মই দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। গতিকে মই একো নাজানে।