MEGHALAYA

সােণ-ৰূপ নহয়, এইবাৰ BSF ৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ চুম্বক!

নিউজ ডেস্ক। চােৰাং সােণ নাইবা অন্য মূল্যৱান সামগ্ৰীৰ সলনি এইবাৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ চুম্বক।

মেঘালয়ৰ সীমান্ত সুৰক্ষা বাহিনীয়ে অৰ্থাৎ বিএছএফে জব্দ কৰে বৃহৎ পৰিমাণৰ চুম্বকখিনি।

প্ৰায় ১১৯০ তকৈও অধিক চুম্বকৰ টুকুৰা জব্দ কৰে বাহিনীয়ে। যিখিনিৰ মূল্য হ’ব প্ৰায় দুই লক্ষাধিক।

সোমবাৰে ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত দাওকীৰ পৰা জব্দ কৰে চুম্বকখিনি।

মেঘালয় বিএছএফে টুইট কৰি কয় যে, চুম্বকবোৰ বাংলাদেশৰ পৰা ভাৰতলৈ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাত অৱস্থিত সীমান্তৱৰ্তী গাওঁ দাওকীৰ মাজেৰে চোৰাংকৈ অনা হৈছিল।

চুম্বকখিনিৰ মূল্য হব প্ৰায় ২,৪১,১৫০ টকা। ইয়াক আউটপ’ষ্ট ষ্টেচনত ৰখা হৈছে।

উল্লেখ্য যে দক্ষিণ পশ্চিম খাচী পাৰ্বত্য জিলাৰ বাগলীত বিএছএফৰ সৈন্যই দেওবাৰে বাংলাদেশৰ পৰা অনা ২০০০ কিলোগ্ৰাম চোৰাং শুকান মটৰভৰ্তি এখন বাহন জব্দ কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button