অসম

সামৰণি পৰিল শিৱ থাপাৰ কমনৱেল্থ অভিযান, প্ৰি-কোৱাৰ্টাৰ খেলত পৰাজয় বৰণ শিৱ থাপাৰ…

ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।

সামৰণি পৰিল অসম সন্তান শিৱ থাপাৰ কমনৱেল্থ অভিযান।

৬৩ কিলোগ্ৰাম শাখাত পৰাজয় বৰণ শিৱ থাপাৰ।

আজি সন্ধিয়া ৫.২০ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত পৰাজয়ৰ সন্মুখীন হয় শিৱ থাপা।

উল্লেখ্য যে, কমনৱেল্থ গেমছৰ অসমৰ শিৱ থাপাই জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছিল।

প্ৰথম ৰাউণ্ডৰ মেচত শিৱ থাপাই পাকিস্তানৰ প্ৰতিদ্বন্দ্বী চুলেমান বেলোচক মাত্ৰ ১০ মিনিটৰ ভিতৰতে অতি সহজে পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছিল।

আজি অনুষ্ঠিত হৈছিল প্ৰি-কোৱাৰ্টাৰ খেল। প্ৰি-কোৱাৰ্টাৰত স্কটলেণ্ডৰ ৰিজ লীনচৰ বিৰুদ্ধে মুখামুখি হৈছিল শিৱ।

পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শিৱ থাপাই। 

Related Articles

Back to top button