অসম
সামূহিক বিবাহত বহিল ৩০ যোৰ দৰা-কইনা, বিবাহ পাশত আবদ্ধ হ’ল ৬০ বছৰীয়া দৰা-কইনাও…

সামাজিক ৰীতি-নীতিৰে সামূহিক বিবাহত বহিল ৩০ যোৰ দৰা-কইনা।
শোণিতপুৰৰ চেঙেলীমাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত চাৰিদুৱাৰৰ চেঙেলীমাৰীত অনুষ্ঠিত হ’ল সামূহিক বিবাহ অনুষ্ঠান।
এই বিবাহ অনুষ্ঠানতে ৩০ যোৰ দৰা-কইনাই একেলগে সামাজিক ৰীতি-নীতিৰে পাতনি মেলিলে যুগ্ম জীৱনৰ।

উল্লেখ্য যে, বিগত চাৰি বছৰৰ ধৰি চেঙেলীমাৰী গাঁও উন্নয়ন সমিতিয়ে এইদৰে অনুষ্ঠিত কৰি আহিছে এই সমূহীয়া বিবাহ কাৰ্যসূচী।
দেওবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত যুৱক-যুৱতীৰ লগতে বিবাহ পাশত আবদ্ধ হ’ল ৬০ বছৰীয়া দৰা-কইনাও।
বিগত বছৰবোৰৰ দৰে এই বছৰো এই বিবাহ কাৰ্যসূচীত হিন্দু ধর্মৰ সকলো ৰীতি-নীতিৰে সম্পন্ন হয় এই সামূহিক বিবাহ অনুষ্ঠান।
লগতে চাওকঃ
