সামাজিক সংকীৰ্ণতা! অৱশেষত সৎকাৰ কৰিবলৈ গাত খান্দি উলিয়াই অনা হ’ল অতুল শৰ্মাৰ মৃতদেহ…

মঙলদৈ পতালসিং পাৰাৰ গণক চুবাত বুধবাৰে সংঘটিত হয় আধুনিক সমাজক লজ্জানত কৰা এক আচৰিত ঘটনা।

ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক এজনে নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে লোক জনৰ মৃত্যুৰ পিছতো সৎকাৰৰ বাবে নাহিল ওচৰত চুবুৰীয়া ৰাইজ।

সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি-নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিবৰ্তে গাতত মৃতদেহ পুতি থব লগা হোৱা খবৰে স্তম্ভিত কৰি তুলিছিল সচেতন সমাজক।

যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত মৃত্যু হৈছিল অতুল শৰ্মা নামৰ ব্যক্তিগৰাকীৰ। কিন্তু অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি।

উপায়ন্তৰ হৈ মৃত অতুল শৰ্মাৰ দুই ভাতৃয়ে নদীৰ পাৰলৈ নি গাত খান্দি পুতি থৈ আহিছিল মৃতদেহ।

এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই শুকুৰবাৰে অতুল শৰ্মাৰ গৃহত আক্ৰাচুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঙলদৈ আৰক্ষী আৰু দাণ্ডাধিশৰ উপস্থিতিত মৃতদেহ গাতৰ পৰা উলিয়াই আনি পুনৰ সৎকৰাৰ ব্যৱস্থা কৰে।

উক্ত ঘটনাটোত ৰাইজৰ মাজত উচতনি মূলক মন্তব্য প্ৰকাশ কৰি গাওঁবাসীক বিচলিত কৰাৰ বাবে মঙলদৈ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান চলাই যাদব শৰ্মা নামৰ গাওঁখনৰ মুখিয়াল এগৰাকীক আটক কৰিছে।