fbpx
অসমীয়াৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত সুৰা পানৰ প্ৰচাৰ! মহিলাক গ্ৰেপ্তাৰ আবকাৰী বিভাগৰ…

নিউজ ডেস্কঃ সুৰাপান কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এগৰাকী মহিলা।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে আবকাৰী বিভাগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।

এই ঘটনা সংঘটিত হৈছে কেৰালাত।

অৱশ্যে পৰৱৰ্তী সময়ত জামিনত মুকলি কৰি দিয়া হয় মহিলাগৰাকীক।

দৰাচলতে কিছুদিন পূৰ্বে এগৰাকী মহিলাই এখন জনপ্ৰিয় সুৰাৰ বিপনীত বহি লোকেল সুৰা পান কৰাৰ এটা ৰীল ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

এগৰাকী মহিলাৰ স্বামী বিদেশৰ পৰা ঘূৰি অহাৰ স্ফূৰ্তিত কেইগৰাকীমান মহিলাই এনেদৰে আনন্দ উদযাপন কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সক্ৰিয় হৈ পৰে কেৰালা আবকাৰী বিভাগ।

সামাজিক মাধ্যমত সুৰাপানৰ সপক্ষে প্ৰচাৰ চলোৱাৰ অভিযোগত মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।

অৱশ্যে আবকাৰী বিভাগে সুৰা বিপনীখনৰ কৰ্মচাৰীক সোধা-পোছা চলোৱাত এই কথা স্পষ্ট হৈ পৰে যে মহিলাগৰাকীয়ে নিজে সুৰা পান কৰা নাছিল, বৰং সন্মুখত গিলাচ লৈ ভিডিঅ’হে প্ৰস্তুত কৰিছিল।

যাৰ বাবে পিছত মহিলাগৰাকীক জামিনত মুকলি কৰি দিবলৈ বাধ্য হয় আবকাৰী বিভাগ।

কিন্তু আবকাৰী বিভাগৰ এনে কাৰ্যই এতিয়া তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

একাংশই আবকাৰী বিভাগৰ কাৰ্যক নাৰী বিদ্বেষী বুলিও অভিযোগ কৰিছে।

তেওঁলোকৰ মতে, কেৱল মহিলাই সুৰাপানৰ ভিডিঅ’ পোষ্ট কৰাৰ বাবেহে আবকাৰী বিভাগে গ্ৰেপ্তাৰ কৰিছিল মহিলাগৰাকীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!