
নিউজ ডেস্কঃ পিতৃ-মাতৃ দুয়োজনেই চকুৰে নেদেখে। সেয়ে অন্ধ মাক-দেউতাকক পৃথিৱীখন দেখুৱাই দিয়াৰ ভাৰ যেন সিয়েই লৈছে। তাৰ কণমানি হাতৰ মুঠিত আঙুলিটোৰ ভৰ এৰি দি সি চিনাকি কৰাই দিয়া বাটেৰেই খোজ লয় পিতৃ-মাতৃয়ে।
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন এখন ছবি। এটি ৫-৬ বছৰীয়া কণমানিৰ হাতত ধৰি অন্ধ পিতৃ-মাতৃ খোজ কাঢ়ি যোৱাৰ সময়ত কোনোবাই কেমেৰাত বন্দী কৰিছিল সেই হৃদয়স্পৰ্শী মুহূৰ্ত। তাৰ পিছতে কণমানিটোৰ সন্ধান আৰম্ভ কৰিছিল সংবাদ মাধ্যম আৰু নেট ব্যৱহাৰকাৰীয়ে।
নগাঁও জিলাৰ ৰহাৰ দীঘলদৰিত ঘৰ এই কণমানিটিৰ। নাম তাৰ ৰাহুল। পিতৃ ভগেন হীৰা আৰু মাতৃ কেতেকী বনিয়াই চকুৰে নেদেখে। তাৰ উপৰিও আছে আৰু দুটা ভাই-ভনী।

কিন্তু পিতৃৃ-মাতৃৰ বাবে সিয়েই যেন শ্ৰৱণ কুমাৰ। অন্ধ পিতৃ-মাতৃয়ে ৰে’ল, বাছত মাগি খায়। আৰু ৰাহুলেই পিতৃ-মাতৃক বাট দেখুৱাই লৈ যায় ৰে’লৱে ষ্টেছন অথবা বাছ ষ্টেণ্ডলৈ।
কণমানি বয়সতে ৰাহুলে পালন কৰিছে তাৰ দায়িত্ব। কিন্তু আৰ্থিক অনাটনে মাজে মাজে জুৰুলা কৰে পৰিয়ালটোক। যাৰ বাবে চৰকাৰ তথা সুহৃদয়বান ব্যক্তিৰ সহায় কামনা কৰে পৰিয়ালটোৱে।
যদি কোনেৱে সহায় কৰিব বিচাৰে, তেন্তে ৭৫৭৮৯-৬০১৩৬ নম্বৰত যোগাযোগ কৰিব পাৰে বুলিও মন্তব্য কৰে ৰাহুলৰ পিতৃয়ে।