সামাজিক মাধ্যমত আলফা (স্বা)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱক…

নিউজ ডেস্ক। আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক।

ফেচবুকত সংগঠনটাত যোগদানৰ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩২ বছৰীয়া যুৱকজনকক।

গ্ৰেপ্তাৰ হােৱা যুৱকজনৰ নাম দিলীপ কুমাৰ সিং বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ কৰিমগঞ্জ জিলাৰ দুল্লাবচেৰাত।

p5 1
সামাজিক মাধ্যমত আলফা (স্বা)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱক... 3

এই সন্দৰ্ভত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰমনদীপ কৌৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে সামাজিক মাধ্যমত সন্দেহজনক কাৰ্যকলাপ নিৰন্তৰভাৱে নিৰীক্ষণ কৰিছে আৰক্ষীয়ে। এনে নিৰীক্ষণৰ সময়তে যুৱকজনে উগ্ৰপন্থী সংগঠনত যােগদানৰ ইচ্ছা প্ৰকাশ কৰা বিষয়টাে পােহৰলৈ আহে। ইয়াৰ পিছতে বিভাগীয় তদন্তৰ অন্ততৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

কাছাৰ আৰক্ষীয়ে তেওঁক দুল্লাবচেৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই বিষয়ে এক গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে চাওকঃ

শােকাৱহ! কৰ্মসংস্থাপনৰ বাবে নতুন দিল্লীলৈ যােৱা অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু…

G6 1
সামাজিক মাধ্যমত আলফা (স্বা)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱক... 4

1 thought on “সামাজিক মাধ্যমত আলফা (স্বা)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱক…”

Comments are closed.