সাময়িক সকাহ! ৭৯ পইচাকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ APDCLৰ…

ৰাজ্যৰ বিদ্যুতৰ গ্ৰাহকসকললৈ সাময়িক সকাহ।

২৪ ঘণ্টা পাৰ নৌহওঁতেই প্ৰত্যাহাৰ হ’ল APDCLৰ জাননী।

প্ৰতি ইউনিটত ৭৯ পইচাকৈ মাচুল নিৰ্ধাৰণৰ সিদ্ধান্ত বাতিল।

বিজ্ঞপ্তিযোগে সদৰী কৰিলে APDCL কৰ্তৃপক্ষই।

উল্লেখ্য যে, শুক্ৰবাৰে অনাগত ৩ মাহৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছিল APDCLএ।

ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল শক্তি বিভাগে।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।