fbpx
অসমীয়াৰাষ্ট্ৰীয়

সাফল্যৰ কাহিনী! মাত্ৰ ১৪ বছৰ বয়সতে স্থাপন কৰিছিল কোম্পানী, ২২ বছৰীয়া যুৱকজন আজি কোটিপতি…

নিউজ ডেস্কঃ অসমীয়াত এষাৰ কথা আছে- অভাৱেই আৱিস্কাৰৰ মূল।

অৰ্থাৎ যেতিয়া কিবা বস্তুৰ অভাৱ অনুভৱ হয়, তেতিয়া আৱিস্কাৰৰ বাটো খোল খাই পৰে।

১৪ বছৰীয়া কিশোৰজনে এদিন ঘৰৰ পৰা কেইবা কিলোমিটাৰ দূৰৈৰ বিদ্যালয়লৈ যেতিয়া চাইকেল চলাই গৈছিল, তেতিয়া সদায় ভাগৰুৱা অনুভৱ কৰিছিল।

চাইকেল চলাই বিদ্যালয়লৈ যোৱাৰ বাবে প্ৰায়ে ঘৰৰ পৰা সোনকালে ওলাই যাবলগীয়া হৈছিল অথবা বিদ্যালয় গৈ পাওতে পলম হৈছিল।

image 6

এনে কাৰণতে নিজে ভোগ কৰা এই সমস্যা দূৰ কৰিবলৈ উপায় বিচাৰিবলৈ আৰম্ভ কৰে কিশোৰজনে।

আৰু মাত্ৰ ১৪ বছৰ বয়সতে কিশোৰ ছাত্ৰজনে নিজৰ চাইকেলখন বৈদ্যুতিক চাইকেললৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হয়।

ইয়াৰ পৰাই তেওঁৰ জীৱন সলনি হ’ল।

image 7

তেওঁ অটোমোবাইল কোম্পানী স্থাপন কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া উদ্যোগী হিচাপে পৰিগণিত হয়।

মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ নিজৰ অটোমোবাইল কোম্পানী আৰম্ভ কৰি ১৭ বছৰ বয়সত আমদানি-ৰপ্তানিৰ অনুজ্ঞাপত্ৰও লাভ কৰিবলৈ সক্ষম হয়।

লক্ষণীয়ভাৱে ইয়াৰ আগতে ভাৰতৰ কোনেও ইমান কম বয়সতে এই অনুজ্ঞাপত্ৰ পোৱা নাছিল।

image 8

আজি তেওঁৰ বয়স ২২ বছৰ। ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰতো অটোমোবাইল কোম্পানীৰ স্থাপন কৰা এই যুৱকজনৰ সাফল্যই আজি অনুপ্ৰানিত কৰি আহিছে আন বহু যুৱক-যুৱতীক।

মাত্ৰ ১৪ বছৰ বয়সতে উদ্যোগী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এই যুৱকজনৰ নাম ৰাজ মেহতা।

image 9

ৰাজ মেহতা গুজৰাটৰ মহিসাগৰৰ বাসিন্দা। সৰুৰে পৰা ৰাজ অনুসন্ধিৎসু স্বভাৱৰ আছিল। খেলনাবোৰ আঁতৰাই আকৌ একেদৰেই থৈ দিছিল। মাত্ৰ ভিতৰত কি আছে জানিব বিচাৰিছিল।

পঢ়া-শুনাত ভাল হোৱাৰ পিছতো তেওঁৰ স্কুলৰ উপস্থিতি বেয়া আছিল।

মহিসাগৰ আছিল সৰু ঠাই। সুবিধাও সীমিত আছিল। গতিকে, ২০১৩ চনত তেওঁ আহমেদাবাদত পেহীয়েকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে।

image 10

ঘৰৰ পৰা প্ৰায় ১০ৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত আছিল বিদ্যালয়খন। চাইকেল চলাই বিদ্যালয়লৈ যাওতে সদায় কষ্ট অনুভৱ কৰিছিল ৰাজে।

আৰু সেই কষ্টই তেওঁৰ বাবে মুকলি কৰি দিছিল এটা নতুন বাট।

এদিন তেওঁ নিজৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষকৰ ওচৰলৈ গৈ সুধিলে যে তেওঁৰ চাইকেলখন কেনেকৈ বৈদ্যুতিক চাইকেললৈ ৰূপান্তৰিত কৰিব পাৰি।

image 11

শিক্ষকে পদ্ধতিটো বুজাই দিলে যদিও সেয়া যথেষ্ট নহ’ল।

সেই পদ্ধতি কাৰ্যকৰী কৰিবলৈ তেওঁলোকৰ হাতত ধন নাছিল, সম্পদো নাছিল। তথাপিও তেওঁ সেই দিশত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লয়।

আগ্ৰহ আছিল ৰাজৰ মনত। সেয়ে তেওঁ বৈদ্যুতিক চাইকেল নিৰ্মাণৰ সমগ্ৰ পদ্ধতিটো ভালদৰে আয়ত্ত কৰি লৈ কাৰিকৰী অংশৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে।

image 12

এই সময়লৈকে তেওঁ নিজৰ সঞ্চয়ৰ প্ৰায় ৪০ৰ পৰা ৪৫ হাজাৰ টকা ইয়াত বিনিয়োগ কৰিছিল। পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতে তেওঁ কিছুমান গুৰুত্বপূৰ্ণ বৈদ্যুতিক উপাদানৰ বিষয়ে জানিব পাৰিলে যিবোৰ কোৰিয়াৰ পৰা আমদানি কৰিব লাগিব।

ইয়াৰ বাবে তেওঁ পিতৃৰ পৰা ধন বিচাৰে যদিও এজন ১৪ বছৰীয়া কিশোৰক ধন দিবলৈ অস্বীকাৰ কৰে পিতৃয়ে।

যাৰ বাবে ধন গোটাবলৈ ৰাজ মেহতাই সৰু সৰু কামো কৰিবলৈ আৰম্ভ কৰে। কিন্তু তৎসত্বেও তেওঁ পৰ্যাপ্ত টকা জমা কৰাত সফল নহ’ল।

image 13

অৱশেষত টকা বিচাৰি ৰাজ মেহতাই কাষ চাপে ককাকৰ। ককাকে গাঁৱৰ মানুহক সুদলৈ ধন দিছিল। তেওঁৰ এখন গহনা দোকানো আছিল।

ৰাজৰ অনুৰোধত পতিয়ন গ’ল ককাক। কিন্তু এটা চৰ্তত তেওঁ ৰাজক টকা দিবলৈ ৰাজি হ’ল যে প্ৰতিটো টকাৰ সঠিক হিচাব তেওঁক দিব লাগিব।

ককাকৰ পৰা লাভ কৰা টকাৰে ৰাজে কোৰিয়াৰ পাৰ প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰি পুনৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে।

image 14

ৰাজে দিনে-নিশাই কেৱল মগ্ন হৈ থাকিল বৈদ্যুতিক মেছিনৰ নিৰ্মাণ সম্পন্ন কৰাত। এই সময়ছোৱাত তেওঁ ৪ ঘণ্টাৰো কম সময় শুইছিল।

অৱশেষত ৰাজে বৈদ্যুতিক চাইকেলৰ এটা প্ৰ’ট’টাইপ তৈয়াৰ কৰিবলৈ সক্ষম হয়। তেওঁ প্ৰথমে দেউতাকক এই প্ৰট’টাইপ পৰীক্ষা কৰিবলৈ দিয়ে।

চাইকেলখন লৈ যোৱা পিতৃয়ে প্ৰায় আধা ঘণ্টাৰ পিছত হাঁহি হাঁহি উভতি আহিল ঘৰলৈ।

image 15

দেউতাকৰ মুখৰ হাঁহিটোৱে ৰাজক এই কথা বুজাই দিয়াৰ বাবে যথেষ্ট আছিল যে তেওঁৰ পৰীক্ষা সফল হৈছে।

অৰ্থাৎ তেওঁৰ চাইকেলখনক ইলেক্ট্ৰিক চাইকেললৈ ৰূপান্তৰিত কৰাৰ ধাৰণাটো তেওঁ ইতিমধ্যেই লাভ কৰিছিল।

২.৫ কেজিৰ মেচিনটোৱে ৭০ কেজিৰ মানুহজনক সফলতাৰে কঢ়িয়াই আনি ঘূৰাই অনাত তেওঁ সুখী হৈছিল।

ইয়াৰ পিছতে ১৪ বছৰ বয়সত ৰাজ ইলেক্ট্ৰমটিভছ নামৰ কোম্পানী এটা আৰম্ভ কৰে কিশোৰজনে।

কেৱল চাইকেলেই নহয়, এই কোম্পানীয়ে ৰিক্সা আৰু ট্ৰাইচাইকেলকো বৈদ্যুতিক বাহনলৈ ৰূপান্তৰিত কৰিবলৈ কিট যোগান ধৰিবলৈ আৰম্ভ কৰিলে।

image 16

তেওঁ এই কিটৰ খৰচ সুলভ কৰি ৰাখিছিল যাতে ই অধিক আৰু অধিক লোকৰ মাজলৈ যাব পাৰে।

কম দিনৰ ভিতৰতে ৰাজৰ কোম্পানী জনপ্ৰিয় হৈ পৰে। তেওঁ কেৱল ভাৰতীয়ই নহয় বিদেশী গ্ৰাহককো সেৱা আগবঢ়াবলৈ আৰম্ভ কৰে।

অৱশ্যে ৰাজে নিজেও বহুদিনলৈকে এই কথা নাজানিছিল যে ১৪ বছৰ বয়সত অটোমোবাইল কোম্পানী এটা আৰম্ভ কৰি তেওঁ এই ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া উদ্যোগী হিচাপে পৰিগণিত হৈছে।

কম বয়সৰ বাবে বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ পৰা অনুজ্ঞাপত্ৰ লোৱাতো তেওঁ সমস্যাৰ সন্মুখীন হৈছিল।

কিন্তু ২০ বাৰকৈ চলোৱা প্ৰচেষ্টা অন্তত তেওঁৰ আবেদন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে মেহতাই ১৭ বছৰ বয়সত আমদানি-ৰপ্তানিৰ অনুজ্ঞাপত্ৰ লাভ কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া উদ্যোগী হিচাপে পৰিগণিত হয়।

২০১৯ চনৰ জুন মাহত ৰাজ মেহতাই তেওঁৰ কোম্পানীৰ অধীনত আন এটা ব্ৰেণ্ড মুকলি কৰে। ইয়াৰ নাম ‘গ্ৰেটা ইলেক্ট্ৰিক স্কুটাৰ’ ৰখা হয়।

এই কোম্পানীয়ে সুলভ মূল্যত ইলেক্ট্ৰিক স্কুটাৰ আগবঢ়ায়। সমগ্ৰ দেশতে গ্ৰেটাৰ বহু শ্ব’ৰুম আছে। নেপালতো দুটা শ্ব’ৰুম আছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!