সাফল্যৰ কাহিনী! এদিন খেৰৰ জুপুৰীত বাস কৰা প্ৰতীশৰ আজি মাহিলী দৰমহা লক্ষাধিক টকা, নিজে লিখিলে তেওঁৰ প্ৰেৰণাদায়ক কাহিনী…

নিউজ ডেস্কঃ সফল হোৱাৰ দুৰ্বাহ হেঁপাহে খেৰৰ জুপুৰীৰ পৰা বিলাসী অট্টালিকালৈ উত্তোৰণ ঘটালে এগৰাকী যুৱকৰ জীৱন।

ওড়িশাৰ বাসিন্দা তথা অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেশ্যন (অ’এনজিচি) লিমিটেডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰতীশ নাথে তেওঁৰ জীৱনৰ প্ৰেৰণাদায়ক কাহিনী নিজেই শ্বেয়াৰ কৰিছে।

সফল হ’বলৈ তেওঁ কৰা পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ এই কাহিনীয়ে এতিয়া অনুপ্ৰাণিত কৰিছে আন বহুতকো।

বৰ্তমান প্ৰতীশ নাথৰ মাহিলী দৰমহা ১.৩ লাখ টকা।

image 22
সাফল্যৰ কাহিনী! এদিন খেৰৰ জুপুৰীত বাস কৰা প্ৰতীশৰ আজি মাহিলী দৰমহা লক্ষাধিক টকা, নিজে লিখিলে তেওঁৰ প্ৰেৰণাদায়ক কাহিনী… 5

২৭ বছৰীয়া প্ৰতীশ নাথে লিখিছে যে এটা খেৰৰ সৰু জুপুৰীত তেওঁৰ শৈশৱ পাৰ হৈছিল।

শীতৰ হাড়কঁপোৱা জাৰ আৰু বিজুলী বিহীন উৎকৎ গৰমৰ দিনবোৰ আছিল তেওঁৰ আৰু পৰিয়ালৰ বাবে দুৰ্বিসহ।

কিন্তু জীৱনৰ এই কঠিন পৰিস্থিতিৰ মাজতো এটা সপোন আছিল প্ৰতীশৰ, সেয়া হৈছে সফল হোৱা। যাৰ বাবে তেওঁ চাৰিটা বছৰ দীঘলীয়া পৰিশ্ৰম কৰিছিল।

কেৰিয়াৰৰ কোনো লক্ষ্য নোহোৱাকৈ টিয়াৰ চি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ক্ৰমান্বয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে প্ৰতীশ নাথে।

image 23
সাফল্যৰ কাহিনী! এদিন খেৰৰ জুপুৰীত বাস কৰা প্ৰতীশৰ আজি মাহিলী দৰমহা লক্ষাধিক টকা, নিজে লিখিলে তেওঁৰ প্ৰেৰণাদায়ক কাহিনী… 6

তেওঁ লগতে কয় যে দেউতাকক হেৰুৱাটো আছিল তেওঁৰ জীৱনৰ এক ভয়াবহ অভিজ্ঞতা। পিতৃৰ বিয়োগৰ পিছতে সময়ে তেওঁক অধিক দায়িত্বশীল কৰি তুলিছিল।

তেওঁ লিখিছে, ‘মই একেৰাহে ১২টা সাক্ষাৎকাৰ দিছিলো যদিও সকলোতে বিফল হৈছিলো। এটা চাকৰিৰ সন্ধানত মই ৪ বছৰ পাৰ কৰিছিলো। তথাপিও সপোনৰ চাকৰিটো মই লাভ কৰা নাছিলো।’

পিছলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO), ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC), ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (আই অ’ চি এল), অ’ এন জি চি, পাৱাৰ গ্ৰীড কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড, ৰাষ্ট্ৰীয় তাপ শক্তি নিগম ( এন টি পি চি) লিমিটেড আৰু আন বহুতো ৰাজহুৱা খণ্ডতো তেওঁ চাকৰিৰ সন্ধান কৰিছিল।

কিন্তু সকলো কষ্ট তেওঁৰ বাবে অসাৰ হৈ পৰিছিল।

image 24
সাফল্যৰ কাহিনী! এদিন খেৰৰ জুপুৰীত বাস কৰা প্ৰতীশৰ আজি মাহিলী দৰমহা লক্ষাধিক টকা, নিজে লিখিলে তেওঁৰ প্ৰেৰণাদায়ক কাহিনী… 7

২০১৮ চনত একাধিক বিফলতাৰ সন্মুখীন হোৱাৰ পিছত ৰেল বিকাশ নিগম লিমিটেডৰ ছাইট ইঞ্জিনিয়াৰ হিচাপে ঠিকাভিত্তিক চাকৰি লাভ কৰে প্ৰতীশে।

সেই বছৰতে ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ সহকাৰী অভিযন্তা হিচাপে তেওঁ নিৰ্বাচিত হয়।

ইয়াৰ মাজতে তেওঁ ইউ পি এছ চি চি এছ ইৰ দুটা স্তৰ ক্লিয়াৰ কৰিছিল যদিও মাত্ৰ ১৬ নম্বৰৰ বাবে পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল।

অৱশ্যে সেই পৰিশ্ৰম তেওঁৰ বাবে অথলে যোৱা নাছিল। তেওঁ ভাল ৰেংক লৈ GATE পৰীক্ষাত সফলতা অৰ্জন কৰাৰ পিছত অ’এনজিচিত যোগদান কৰাৰ সুযোগ পায়।

সফলতাৰ এই জখলাৰে বগাই প্ৰতীশে কয়, “মই ক’ব লাগিব, এই সকলোবোৰ মোৰ মা-দেউতাৰ পৰা পোৱা গাইডেন্সৰ বাবেই সম্ভৱ হৈছে। মোৰ দেউতা জীয়াই থকা হ’লে তেওঁ বৰ সুখী হ’লহেঁতেন।’

প্ৰতীশৰ জীৱন অধ্যৱসায়ৰ এক অনন্য নিদৰ্শন। এদিন জুপুৰীত বাস কৰা যুৱকজনে আজি অধ্যাৱসায় আৰু পৰিশ্ৰমৰ ফলস্বৰূপে বিলাসী গাড়ী, বিলাসী এপাৰ্টমেণ্টৰ গৰাকী হৈ পৰিছে।