সাপৰ বিহৰ বেহা! ৩০ কোটি টকা মূল্যৰ ‘বিহ’ জব্দ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

এইবাৰ সাপৰ বিহৰ চােৰাং বেহা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ

নিউজ ডেস্ক। এইবাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপ নহয়, সাপৰ বিহৰ চােৰাং বেহাত নামিছে আন্তঃৰাষ্ট্ৰীয় চক্ৰ।

প্ৰায় ৩੦ কােটি টকা মূল্যৰ সাপৰ বিহৰ সৈতে ভাৰত-বাংলাদেশ সীমান্তত এজন চোৰাং সৰবৰাহকাৰী জালত পৰিল পশ্চিম বংগৰ শিলিগুড়িৰ বন বিভাগৰ।

G1 6
সাপৰ বিহৰ বেহা! ৩০ কোটি টকা মূল্যৰ 'বিহ' জব্দ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী 2

গ্ৰেপ্তাৰ লােকজনৰ নাম মহম্মদ শ্বৰাফাত, ঘৰ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰত।

বন বিষয়াৰ ভাষ্য অনুসৰি, সুদূৰ ফ্ৰান্সৰ পৰা বাংলাদেশ হৈ ভাৰতত প্ৰৱেশ কৰিছিল এই সামগ্ৰী।

জানিব পৰা মতে, দেওবাৰে গােপন খবৰৰ ভিত্তিত শিলিগুড়িৰ বন বিভাগৰ এই দলে অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহানন্দ নদীৰ দলঙৰ পৰা এখন বাইক জব্দ কৰে।

বাইকখনত তালাচী চলাই আইনাৰ পাত্ৰত থকা সন্দেহজনক সাপৰ বিহ জব্দ কৰিবলৈ সক্ষম হয়।

উক্ত সামগ্ৰীখিনি নেপাললৈ নিয়াৰ পৰিকল্পনা কৰিছিল চােৰাং সৰবৰাহকাৰী চক্ৰই।

জানিব পৰা মতে, বিভিন্ন ঔষধ প্ৰস্তুত কৰাৰ বাবে সাপৰ বিহৰ ব্যৱহাৰ কৰা হয় যদিও অবৈধভাৱে সৰ্প নিধন কৰি বিভিন্ন লােকে ইয়াৰ চােৰাং বেহাত নামি পৰিছে।