HOROSCOPE

সাপ্তাহিক ৰাশিফলঃ ২੦ জুনৰ পৰা ২৬ জুনলৈ

২੦ জুনৰ পৰা ২৬ জুনলৈ জানক আপোনাৰ ৰাশিফল

মেষঃ কৰ্মক্ষেত্ৰত আপুনি অধিক দৃঢ় হ’ব। ব্যৱসায়ী সকলে এই সপ্তাহত অধিক লাভ কৰিবলৈ সক্ষম হ’ব। চাকৰিয়াল সকলৰ বাবে এই সপ্তাহ স্বাভাৱিক হ’ব। কাৰ্যালয়ৰ জ্যেষ্ঠৰ সৈতে বিবাদ বা আলোচনাত লিপ্ত নহ’ব। কামৰ হেঁচা বৃদ্ধি পোৱাৰ বাবে মানসিক ৰোগ বাঢ়িব পাৰে। শাৰীৰিক অসুস্থতাইয়ো দেখা দিয়াৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ খৰচ বৃদ্ধি হ’ব পাৰে। সম্পৰ্ক ভালে থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে।

বৃষঃ আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। অতিৰিক্ত কামৰ বাবে মানসিক অশান্তিত ভুগিবও পাৰে। চাকৰিয়াল সকলৰ বাবে সুফল লাভৰ সম্ভাৱনা আছে। সাংসাৰিক জীৱনত কিছু বেমেজালি হ’ব পাৰে। আৰ্থিক অৱস্থা স্বচ্ছল হোৱাৰ সম্ভাৱনা বহু বেছি। চাকৰি প্রত্যাশী বা ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল লাভ কৰিব।

মিথুনঃ আৰ্থিক ক্ষেত্ৰত আপুনি লাভান্বিত হ’ব। পূৰ্বতে পাবলৈ বাকী থকা ধন লাভ কৰিব। প্ৰেমত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। সপ্তাহৰ মাজ ভাগত কিছু চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পাৰিবাৰিক তথা বৈবাহিক জীৱন পূৰ্বতকৈ সুখকৰ হ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

কৰ্কটঃ এই সপ্তাহত ব্যৱসায়ীসকলে কিছু লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সাংসাৰিক জীৱনত কিছু জটিলতা আহিব পাৰে। কিছু কষ্ট কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিব। বৈদেশিক কাৰণ সম্বন্ধীয় আপোনাৰ সম্পৰ্ক বেছ ভাল হ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখিব। পৰিয়ালৰ লোকৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে।

সিংহঃ আৰ্থিক দিশত আপুনি লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি ভাল খবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহ অতি ভাল হ’ব। অধিক উপাৰ্জন লাভ কৰিব। সপ্তাহৰ মাজ ভাগত কৰ্মক্ষেত্ৰত আপুনি কিছু সমস্যাৰ সন্মুখীন হব পাৰে। পত্নী আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুবিধা পাব। স্বাস্থ্য ভালে থাকিব।

কন্যাঃ এই সপ্তাহত আপুনি কিছুমান অপ্ৰয়োজনীয় চিন্তা আৰু বাধাৰ সন্মুখীন হ’ব। অৱশ্যে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। কৰ্মস্থলীত আপোনাক সতীৰ্থ আৰু বিষয়াই সহায় কৰিব। পিতৃৰ মাৰ্গদৰ্শনৰ বাবে আপুনি সুফল লাভ কৰিব। অধিক উপাৰ্জন লাভ কৰিব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব।

তুলাঃ কৰ্মস্থলীত আপুনি জ্যেষ্ঠ বিষয়াৰ অপ্ৰিয় হ’ব পাৰে। বিশেষ কিবা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমত আংশিক সফলতা লাভ কৰিব। বিবাহ সম্বন্ধীয় কাৰ্যত আগবাঢ়িলে শুভ ফল পাব। পাৰিবাৰিক সম্বন্ধ ভাল হ’ব। আপোনাৰ অহংকাৰ আৰু ক্ষোভ নিয়ন্ত্ৰণত ৰাখিব।

বৃশ্চিকঃ এই সপ্তাহত আপুনি কিছু চাপ অনুভৱ কৰি থাকিব। পেছাগত জীৱনত কামৰ ভৰ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত লাভ কৰিবলৈ সক্ষম হ’ব। পাৰিবাৰিক জীৱন ভাল হলেও জীৱন সংগীৰ পৰা কিছু সমস্যা আৰু বাধাৰ সন্মুখীন হ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখিব। ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিব।

ধনুঃ আপুনি আৰ্থিক দিশত অধিক সফলতা লাভ কৰিব। কামৰ বাবে অধিক দৌৰদৌৰি হব। সপ্তাহৰ মাজলৈ আপুনি অধিক দুখ আৰু খং অনুভৱ কৰিব পাৰে। এই সপ্তাহত আপোনাৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক আৰু পাৰিবাৰিক জীৱনত খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব। অন্যথা সমস্যাৰ সন্মুখীন হ’ব। অৱশ্যে সপ্তাহৰ শেষৰফালে আপুনি সুফল লাভ কৰাৰ লগতে প্ৰশান্তি অনুভৱ কৰিব।

মকৰঃ আপুনি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। পাৰিবাৰিক সম্পৰ্ক অধিক গাঢ় হ’ব। সন্তানে আপোনাৰ অন্তৰত আঘাত দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল অন্যমনস্কো হোৱাৰ লগতে অদৰকাৰী কামত মনোনিবেশ কৰিব। যাৰ বাবে ভবামতে ফল লাভ কৰাত বিফল হব। আৰ্থিক দিশত আগুৱাই যাব। আপুনি কৰ্ম সম্বন্ধীয় ভ্ৰমণ লাভ কৰিব পাৰে। চৰকাৰী যিকোনো কামত বাধাৰ সন্মুখীন নহ’ব।

কুম্ভঃ এই সপ্তাহত আপোনাৰ সৌভাগ্য উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আধৰুৱা কামসমূহ পূৰ্ণ হব। কাম কৰিবলৈ সুবিধা পাব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। এই সপ্তাহৰ মাজলৈ আপুনি পেছাগত সমস্যাৰ সন্মুখীন হ’ব পাৰে। কিন্তু আপোনাৰ পৰিবাৰে এই ক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব। সপ্তাহৰ শেষলৈ আপুনি আৰ্থিক দিশত সফলতা লাভ কৰিব আৰু অতিৰিক্ত উপাৰ্জনৰ উৎস লাভ কৰিব।

মীনঃ এই সপ্তাহত আপুনি স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে। চাকৰিয়াল সকলে সুফল লাভ কৰিব। নতুন চাকৰিৰ খবৰ লাভ কৰিব। ব্যৱসায়ীসকলে কিছু ভাল খবৰ লাভ কৰিব। অৱশ্যে এই সপ্তাহত আপুনি কিছু বাধাৰ সন্মুখীন হ’ব। পাৰিবাৰিক জীৱন ভালে থাকিব। এই সপ্তাহত আপুনি টকা পইছাৰ লেনদেনৰ পৰা আঁতৰত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button