সাপ্তাহিক ৰাশিফলঃ মিথুন ৰাশি

মিথুনঃ এই সপ্তাহত আপুনি পূৰ্বতে কৰা কিছুমান ভুলৰ পৰা শিক্ষা লাভ কৰি আপোনাৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন আনিব। যি উৎকৃষ্ট হিচাপে প্ৰমাণিত হ’ব।

আপোনাৰ ভাতৃৰ সৈতে চলি থকা বিবাদ আৰু বিতৰ্কৰ সমাপ্তি ঘটিব।

মনত থকাকৈ কিবা এটা প্ৰাপ্ত হোৱাত যথেষ্ট সুখ অনুভৱ কৰিব।

এই সপ্তাহত এজন বাহিৰৰ লোকে আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু তেনে ক্ষেত্ৰত কোনো খৰখেদা সিদ্ধান্ত নল’ব। আৰু আনৰ উদ্দেশ্য বুজিবলৈ চেষ্টা কৰিব।

নিজৰ ওপৰত অত্যাধিক কামৰ বোজা নিদিব। আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ অব্যাহত থাকিব।

মনত ৰাখিব যে কাৰোবাৰ হস্তক্ষেপে আপোনাৰ পৰিকল্পনাত খেলিমেলি কৰিব পাৰে।

আপোনাৰ পৰিকল্পনা গোপনে ৰাখিব। কেৱল আপুনি প্ৰস্তুত কৰা আঁচনিবোৰৰ ওপৰতহে কাম কৰিব। আনকি কাৰ্যালয়ৰ কোনো সহকৰ্মীৰ সৈতেও জড়িত নহ’ব।

পাৰিবাৰিক জীৱন মধুৰ হৈ থাকিব। শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব। যাৰ ইতিবাচক প্ৰভাৱে আপোনাৰ দক্ষতা বৃদ্ধি কৰিব।

Leave a Comment