সান্ধ্য আইনৰ মাজতে আমিনগাঁৱৰ পৰা কিশােৰ নিৰুদ্দেশ

May 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি ক’ভিড জনিত পৰিস্থিতিৰ বাবে দৈনিক সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে এজন কিশােৰ নিৰুদ্দিষ্ট হােৱাৰ বাতৰি পােৱা গৈছে।

জানিব পৰা মতে, নিৰুদ্দিষ্ট কিশােৰজনৰ নাম নয়ন বৰ্মন (১৫)।

কিশোৰজনৰ ঘৰ আমিনগাঁৱৰ বামুণগাঁৱত।

স্থানীয় ভৰত বৰ্মন আৰু ৰীতা বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ নয়ন যোৱা ১১ মে’ পৰা নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লােকে প্ৰকাশ কৰিছে।

সেইদিনা আবেলি ৩.৩০ বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে আজিলৈ কােনাে সন্ধান নাই নয়নৰ।

এই সম্পৰ্কত স্থানীয় আৰক্ষীৰ কাষ চাপিও সুফল লাভ কৰা নাই পৰিয়ালৰ লােকে।

কোনো সদাশয় লোকে ল’ৰাজনৰ কিবা সম্ভেদ পালে আৰক্ষী নাইবা 96788-60518 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ-মাতৃয়ে অনুৰোধ জনাইছে।