অসম

সাধাৰণ জনতা নহয়, প্ৰৱঞ্চকৰ জালত পৰিল এইবাৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত…

প্ৰৱঞ্চকৰ জালত পৰি বহু সাধাৰণ জনতাই লটি ঘটি হোৱা আপুনি নিশ্চ, শুনিছে।

এইবাৰ প্ৰৱঞ্চকৰ জালত পৰি হাৰাশাস্তিৰ সন্মুখিন হৈছে কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত।

কোকৰাঝাৰৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত প্ৰৱঞ্চকৰ জালত পৰি লটি ঘটি হোৱাৰ দৰে এক নাভূত নাশ্ৰুত ঘটনাই জিলাখনত আমোদৰ সৃষ্টি কৰিছে।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাসে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ অনুসৰি যোৱা ১১ ডিচেম্বৰত ৯৪৩২৬৮৪৭২৫ নম্বৰৰ পৰা তেওঁ এটা ফোনকল লাভ কৰে।

ফোনকলত নিজকে হাৰ্বালাইফৰ পৰা ৰমেশ ডুবালী বুলি পৰিচয় দি ৭ লাখ ২৯ হাজাৰ টকা মূল্যৰ এখন টাটা নেক্সন গাড়ী তেওঁ লটাৰীত জিকা বুলি উল্লেখ কৰে।

টাটা নেক্সন গাড়ীখন লাভ কৰিবলৈ হলে অস্থায়ী পঞ্জীয়নৰ মাচুল হিচাপে ৬৫০০ টকা জমা দিব লাগিব বুলি ব্যক্তিজনে অৱগত কৰে।

সেইমৰ্মে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাসে ৮৬৯৯০৬৮৪২০ নম্বৰত ফোন পে যোগে ৬৫০০ টকা দিয়ে।

কিছুসময় পিছত পুণৰাই বীমাৰ বাবদ ২১৭৯৯ টকা বিচাৰে আৰু ৰাজীৱ দাসে সেয়াও জমা দিয়ে।

ইয়াৰ পিছত প্ৰৱঞ্চকগৰাকীয়ে ট্ৰেঞ্চপোৰ্ট চাৰ্জৰ বাবদ ৩০০০০ টকা আদায় কৰে।

তাৰপিছত প্ৰৱঞ্চকগৰাকীয়ে গীতাঞ্জলী ট্ৰেঞ্চপোৰ্ট (মোবাইল নং ৯৪৩২৭৪৫২২৬)ৰ কথা কয় আৰু পিঅ’এল চাৰ্জৰ বাবদ ৫০০০০ টকা জমা দিবলৈ কয়।

সেইমৰ্মে ৫০০০০ টকাও উক্ত নম্বৰত ফোন পে যোগে আদায় দিয়ে।

ইয়াৰ কিছু সময় পিছত প্ৰৱঞ্চকগৰাকীয়ে স্থায়ী পঞ্জীয়ন চাৰ্টিফিকেটৰ বাবে ৫১ হাজাৰ টকা জমা দিবলৈ কয় আৰু পূৰ্বতে অস্থায়ী পঞ্জীয়নৰ বাবে জমা দিয়া ৬৫০০ টকা ঘূৰাই দিয়া হব বুলি অৱগত কৰে।

প্ৰৱঞ্চকগৰাকীয়ে এইবাৰ টকাখিনি চৌকিন চৌকিনৰ নামত ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টত (নং ৪০২৫৪৩৩৫৭১২ , আইএফএচচি কোড এচবিআইএন ০০০০৬১৮) প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰে।

সেইমৰ্মে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাসে উক্ত একাউণ্টত ৫১০০০ টকা ট্ৰেন্সফাৰ কৰে।

এইবাৰ প্ৰৱঞ্চকগৰাকীয়ে ১৮ শতাংশ হাৰত ১৫ বছৰৰ বাবে ৰোড টেক্স দিব লাগিব বুলি সদৰি কৰে। সেইমৰ্মে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাসে ১৩১২২০ টকা আদায় দিয়ে।

পুণৰাই প্ৰৱঞ্চকগৰাকীয়ে চিকিউৰিটি ডিপোজিট হিচাপে ৯৯০০০ টকা বিচৰাত এইবাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সন্দেহ হয়।

তেওঁৰ সন্দেহ ওপজাত প্ৰৱঞ্চকগৰাকীয়ে সন্দেহ দুৰীকৰণৰ বাবে ৰাহুল মিশ্ৰ নামৰ এগৰাকীৰ মোবাইল (৮২৭৪০০৪৯৭৫)নম্বৰ দিয়ে। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে পুণৰাই ৫৫০০০টকা দি টকা দিয়া বন্ধ কৰে।

টকা দিয়া বন্ধ কৰাত প্ৰৱঞ্চকগৰাকীয়ে বাকী থকা টকাখিনি দি গাড়ীখন ডেলিভাৰী লবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীক বাৰেপ্ৰতি ফোন আৰু মেচেজ দিয়ে।

ইয়াৰ পিছতেই কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাসে আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰত তথাকথিত হাৰ্বালাইভে লটাৰীত গাড়ী জিকাৰ নামত তেওঁৰ পৰা ৩ লাখ ৪৫ হাজাৰ ৫১৯ টকা সৰকাই নিয়ে বুলি উল্লেখ কৰে।

উক্ত হাৰ্বালাইফে যাতে ভৱিষ্যতে প্ৰৱঞ্চনাৰ জাল মেলি সাধাৰণ ৰাইজক ঠগিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে।

উল্লেখ্য যে, অতিৰিক্ত উপায়ুক্তৰ পৰা এনেদৰে সহজ পন্থাৰে ধন সৰকাই নিয়াটো ৰাজ্যত বোধকৰো প্ৰথম ঘটনা বুলি বিবেচিত হব।

লগতে চাওকঃ

বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button