সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন, ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল…

নৱবৰ্ষৰ পূৰ্বে সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন।

ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল।

চলিত মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি।

৯ ডিচেম্বৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত এপিডিচিএলৰ।

যোৱা ২৫ নৱেম্বৰতো সিদ্ধান্ত লৈছিল ৭৯ পইচাকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ।

বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল যদিও পুনৰ প্ৰতি ইউনিটত বৃদ্ধি কৰিছে ৩০ পইচাকৈ।

সংগোপনে বিদ্যুতৰ মাচুল বৃদ্ধি কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।