fbpx
ৰাষ্ট্ৰীয়

সাধাৰণ জনতাৰ পকেটত লুণ্ঠন চলাইছে কেন্দ্ৰইঃ মমতা বেনাৰ্জী

বুধবাৰে মেদিনীপুৰৰ এখন বৈঠকৰ পৰা তৃণমূল প্ৰধান মমতা বেনাৰ্জীয়ে মোডী চৰকাৰক উদ্দেশ্য কৰি কয় যে, কেন্দ্ৰই সাধাৰণ মানুহৰ পকেট লুণ্ঠন কৰি আছে।

পেট্ৰ’ল, ডিজেলৰ পৰা ৰন্ধন গেছলৈকে ইন্ধনৰ মূল্য বৃদ্ধি ৰ কথা উল্লেখ কৰি মমতা বেনাৰ্জীয়ে পুনৰ কেন্দ্ৰৰ মোদী চৰকাৰক লক্ষ্য কৰি লয়। তেওঁ কয় ‘সাগৰৰ ঢৌৰ দৰেই গেছৰ মূল্যৰ ঢৌ বাঢ়িছে।’

তৃণমূল প্ৰধান তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে দুপৰীয়া ১২ বজাত পশ্চিম মেদিনীপুৰত সভাত উপস্থিত হৈ কেইবাটাও প্ৰতিশ্ৰুতি দিছিল।

তেওঁ পশ্চিম মেদিনীপুৰক পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে কেইবাটাও ক্ষেত্ৰত চাকৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।

তাৰ পিছত তেওঁ মূল্যবৃদ্ধিৰ বিষয়ত মোদী চৰকাৰক আক্ৰমণ কৰি কয়, ‘সাগৰৰ ঢৌৰ দৰেই গেছৰ মূল্যৰ ঢৌ বাঢ়িছে। এটা ঢৌ আহি আছে আৰু মূল্য বাঢ়ি গৈ আছে। লুণ্ঠন, লুণ্ঠন, লুণ্ঠন। কেন্দ্ৰই মানুহৰ পকেট লুণ্ঠন অব্যাহত ৰাখিছে।’

Mamata leaves Congress out as she dials Opposition leaders for meeting of  non-NDA CMs

ঔষধৰ মূল্য বৃদ্ধিক লৈ মমতাই মোডী চৰকাৰক সমালোচনা কৰি কয়, ‘ঔষধ মানুহৰ বাবে অতিকৈয়ে প্ৰয়োজনীয়। প্ৰায় সকলো লোকে চুগাৰ, উচ্চ ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰে, যাৰ মূল্য বৃদ্ধি কৰা হৈছে। এই চৰকাৰখন মানুহক হত্যা কৰা এখন চৰকাৰ।’

লগতে তেওঁ আত্মবিশ্বাসৰে কয়, ‘আমি দিল্লী জিকিম। আপোনাৰ কাষত থাকিব।’

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!