fbpx
অসমীয়াঅসম

সাধনাৰ ফলঃ ৭০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শকৰ

নিউজ ডেস্কঃ বয়স মাত্ৰ এটা সংখ্যাহে। মনত প্ৰৱল ইচ্ছাশক্তি থাকিলে অধ্যাৱসায়ৰ বলত সকলো সম্ভৱ। সেই কথাই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শকে।

জীৱনৰ ৭০টা বসন্ত চাকৰি, সংসাৰৰ দায়িত্বৰ মাজত পাৰ কৰি অৱশেষত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হ’ল নগাঁৱ চহৰৰ ১৯নং মহলাৰ অসম আৰক্ষীৰ ৰেডিঅ’ অপাৰেটৰ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক গুণকান্ত শইকীয়াই।

চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ ১০ বছৰ পিছত সত্তোৰ্ধ্বৰ গুণকান্ত শইকীয়াই অসমীয়া বিষয়ত গ্ৰহণ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত নগাঁও মহাবিদ্যালয়ৰ পৰা এই শিক্ষা সম্পূৰ্ণ কৰে গুণকান্ত শইকীয়াই।

photo1655713923 1

উল্লেখ্য যে, নগাঁৱৰ খুঁটিকটীয়াৰ নিৱাসী গুণকান্ত শইকীয়াই তেওঁৰ চাকৰি জীৱনতে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ হেঁপাহ পুহি ৰাখিছিল যদিও সেই সময়ত কৰ্ম ব্যস্ততাৰ বাবে তেওঁৰ ইচ্ছা পূৰণ হোৱা নাছিল। কিন্তু অৱসৰ পিছত তেওঁ শিক্ষা সাং কৰাৰ আগ্ৰহ কৰি পুনৰ অধ্যয়নত মনোনিৱেশ কৰে।

দুজনকৈ চিকিৎসক পুত্ৰৰ পিতৃ গুণকান্ত শইকীয়াই তেওঁৰ প্ৰৱল ইচ্ছাশক্তি, একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলতে অৱশেষত লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী। জীৱনৰ ৭০ বছৰ বয়সত তেওঁ লাভ কৰা এই কৃতিত্বই আনন্দিত কৰিছে সমগ্ৰ অঞ্চলবাসীকো।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!