সাংস্কৃতিক কৰ্মী কৃষ্ণা ৰাভাৰ আকস্মিক বিয়োগ

June 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এগৰাকী মেধাবী ছাত্ৰী তথা ৰাভা কৃষ্টি-সংস্কৃতিৰ অক্লান্ত কৰ্মী কৃষ্ণা ৰাভা (২৫)ৰ আকস্মিক বিয়ােগ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰামধন দিখাৰীৰ এক নম্বৰ বিক্ৰমপুৰ গাঁৱৰ গণেশ ৰাভাৰ কন্যা আছিল কৃষ্ণা।

জানিব পৰা মতে, নিখিল ৰাভা ছাত্ৰ সন্থা(আৰছু)ৰ লাইমেকুৰী ৰামধন আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা হিচাপেও দক্ষতাৰে দায়িত্ব পালন কৰিছিল কৃষ্ণা ৰাভাই।

বিগত প্ৰায় ডেৰ বছৰ ধৰি গাৰ বিষৰ ৰোগত আক্ৰান্ত হৈ আছিল।

বিভিন্ন ঠাইত চিকিৎসা কৰিও কােনাে সুফল লাভ কৰা নাছিল কৃষ্ণাই।

অৱশেষত গাঁৱলীয়া পদ্ধতিৰেই চিকিৎসা চলি থকাৰ সময়ত ৰবিবাৰে পুৱা আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়।

লাইমেকুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা কৃষ্ণাই শিক্ষক পদৰ চাকৰিৰ বাবে ডিএলএড পৰীক্ষাতো উত্তীৰ্ণ হৈছিল।

তেওঁ ৰাভা গীত পৰিৱেশনৰ লগতে ৰাভা কৃষ্টি প্ৰদৰ্শনতো সুনাম অৰ্জন কৰিছিল।

তেওঁৰ মৃত্যুত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰদীপ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, লাইমেকুৰী ৰামধন আঞ্চলিক সমিতিৰ সভাপতি বিক্ৰম ৰাভা, সাধাৰণ সম্পাদক ধনঞ্জয় ৰাভা, মধ্য জোনাই আঞ্চলিক এবছুৰ সভাপতি মথুৰাজ মুছাহাৰী, সাধাৰণ সম্পাদক গাইদাং বসুমতাৰী, ৰাভা উন্নয়ন পৰিষদৰ দাবী সমিতিৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক মদন ৰাভাই গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

হাস্পতালত স্বামী-শাহু আৰু শহুৰ, ক’ভিড-১৯ত মৃত শিক্ষয়িত্ৰীৰ শেষকৃত্য সম্পন্ন কৰিলে প্ৰশাসনে