সাংসদ ৰাজদ্বীপ ৰয়ে ত্যাগ কৰিলে পিএছঅ’, এছক’ৰ্ট, গৃহৰক্ষী জোৱান

নিজৰ সুৰক্ষাত নিয়োজিত পিএছঅ’, এছক’ৰ্ট, গৃহৰক্ষী জোৱানক অব্যাহতি দিয়াৰ ঘোষণা কৰিছে শিলচৰ সমষ্টিৰ বিজেপি সাংসদ ডঃ ৰাজদ্বীপ ৰয়ে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিএছঅ’ ত্যাগ কৰাৰ বাবে মন্ত্ৰী-সাংসদৰ প্ৰতি জনোৱা আহ্বানৰ পিছতে টুইটাৰযোগে নিজৰ সুৰক্ষাত নিয়োজিত সকলো অসম আৰক্ষী জোৱানক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ কথা সদৰী কৰে সাংসদ গৰাকীয়ে।

89

টুইটাৰত তেওঁ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ ধীলনলৈ এই সন্দৰ্ভত লিখা এখন পত্ৰও শ্বেয়াৰ কৰে। য’ত তেওঁ যোৱা ৩ বছৰে শ্ৰদ্ধা আৰু সন্মানেৰে তেওঁক নিৰাপত্তা প্ৰদান কৰা আৰক্ষী জোৱানসকলক ধন্যবাদ জনায় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে নিজৰ ব্যক্তগত সন্তুষ্টিৰ বাবে তেওঁলোকক দায়িত্ব নিৰ্বাহৰ বাবে বাধ্য কৰাটো উচিত নহয় বুলিও উল্লেখ কৰে সাংসদ ৰাজদ্বীপ ৰয়ে।

ইফালে সাংসদ গৰাকীৰ এই টুইটৰ পিছতে ৰাজদ্বীপ ৰয়ক তেওঁ লোৱা সিদ্ধান্তৰ বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী-বিধায়ক-সাংসদ সকলৰ সুৰক্ষাত নিয়োজিত পিএছঅ’, এছক’ৰ্ট, হাউচগাৰ্ড হ্ৰাস কৰাৰ ঘোষণা কৰিছিল।

Leave a Comment