সাংসদ আব্দুল খালেক আৰু বিধায়ক ৰকিবুল হুছেইনে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব…

বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে আৰু বিধায়ক ৰকিবুল হুছেইনে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰে দুয়োগৰাকী নেতাই।
অল ইণ্ডিয়া কংগ্ৰেছ কমিটি (AICC)ৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পদত্যাগ কৰে ৰকিবুল হুছেইনে আৰু সাংসদ আব্দুল খালেকে।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ নির্বাচনী অধিসূচনা অনুসৰি দুয়োগৰাকী নেতাই অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে।
I have sent my resignation letter to the President of @INCAssam from Senior Spokesperson and all other party posts to participate in the campaign of Shri @kharge Ji for #CongressPresidentPoll following the guidelines of the Central Election Authority of @INCIndia Party. pic.twitter.com/J7UsrccTBK
— Abdul Khaleque (@MPAbdulKhaleque) October 8, 2022
১৭ অক্টোবৰত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচন। সভাপতি পদৰ বাবে শশী থাৰুৰৰ লগতে মনোনয়ন পত্ৰ দাখিল কৰিছে মল্লিকাৰ্জুন খাৰ্গে আৰু ঝাৰখণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়ে।
উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ আব্দুল খালেক আৰু ৰকিবুল হুছেইনে খাৰ্গেক সমৰ্থন দিয়াৰ বিপৰীতে সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী শশী থাৰুৰৰ সমৰ্থনত প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইজন নেতা থকা বুলি জানিব পৰা গৈছে।