সাংবাদিকৰ পৰা জনপ্ৰতিনিধিলৈ… ৰাজ্যৰ সৰ্বকনিষ্ঠ বিধায়ক হিচাপে জয়যুক্ত আশ্ৰাফুল হুছেইন

May 2, 2021 0 By NEWS DESK

হনী ঝাঁঝৰী। এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য দাঁতিকাষৰীয়া ঠাইবােৰত বাতৰি বিচাৰি ঘূৰি ফুৰা যুৱক আশ্ৰাফুল হুছেইন এইবাৰ নিৰ্বাচিত হ’ল ৰাইজৰ জনপ্ৰতিনিধি হিচাপে।

ইং ২੦੦৯ চনৰ পৰা এদিনৰ সংবাদ নামৰ বাতৰি কাকতৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলা আশ্ৰাফুল হুছেইনে আৰম্ভণিৰে পৰা সমাজৰ শােষিত, নিষ্পেষিত জনগণৰ হকে মাত মাতি আহিছিল।

প্ৰায় এক দশক ধৰি নিপীড়িত ৰাইজৰ প্ৰাপ্যৰ হকে নিজৰ জীৱন উৎসৰ্গা কৰা আশ্ৰাফুল এইবাৰ নিৰ্বাচিত হ’ল ৰাজ্যৰ সৰ্বকনিষ্ঠ বিধায়ক হিচাপে।

মাত্ৰা ২৭ বছৰ বয়সতে ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ পৰা একালৰ প্ৰতাপী মন্ত্ৰী শুকুৰ আলীক ৫১ হাজাৰতকৈও অধিক ভােটৰ ব্যৱধানত জয়লাভ কৰিলে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আশ্ৰাফুলে।

এই জয় চেঙা সমষ্টিবাসী জনগণৰ জয়। ৪৭ নং চেঙা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বাবে এ আই ইউ ডি এফ দলে আমাক প্ৰাৰ্থীত্ব…

Posted by Ashraful Hussain on Sunday, 2 May 2021

আশ্ৰাফুলৰ জয় অৱধাৰিত আছিল যদিও এজন প্ৰাক্তন মন্ত্ৰীক ইমান বৃহৎ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হ’ব বুলি হয়তাে তেওঁ নিজেও অনুমান কৰা নাছিল।

উল্লেখ্য যে ভােটগণনাত আশ্ৰাফুলে সৰ্বমুঠ ৭৫,৩১২ টা ভােট লাভ কৰিছে। ইয়াৰ বিপৰীতে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী অসম গণ পৰিষদ দলৰ ৰবিউল হুছেইনে ২৩,৩৭৩ আৰু কংগ্ৰেছ দলৰ শুকুৰ আলীয়ে ২২,৫৭৩ টা ভােট লাভ কৰিবলৈ সক্ষম হৈছে।

আশ্ৰাফুল হুছেইন

গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ পৰিছিল আশ্ৰাফুল হুছেইন।

শিক্ষা সমাপ্ত হােৱাৰ পাছতে ইং ২੦੦৯ চনত এদিনৰ সংবাদ নামৰ অদীপ কুমাৰ ফুকনৰ সম্পাদনাত প্ৰকাশিত দৈনিক বাতৰি কাকতৰ জৰিয়তে সাংবাদিকতা জীৱনৰ পাতনি মেলা আশ্ৰাফুলে পাছলৈ গণ অধিকাৰ নামৰ দৈনিক কাকতৰ উপৰিও প্ৰতিদিন টাইম নামৰ ছেটেলাইট চেনলতাে মহানগৰ সংবাদদাতা হিচাপে কিছুদিন কাৰ্যনিৰ্বাহ কৰে।

অৱশ্যে তাৰ পাছতে সক্ৰিয় সাংবাদিকতাৰ পৰা কিছুদিন অব্যাহতি লৈ জীৱিকাৰ তাড়নাতে মহাৰাষ্ট্ৰলৈ গৈ কােম্পানীত চাকৰিও কৰিছিল আশ্ৰাফুলে। কিন্তু জন্মভূমিৰ হকে কিছু কাম কৰাৰ ইচ্ছাই পুনৰ অসমলৈ ঘূৰাই আনিলে আশ্ৰাফুলক। তাৰ পাছৰ কাহিনী এক ইতিহাস…