সহজ-সৰল লোকক ঠগি লাখ-লাখ টকাৰ ঋণ সংগ্ৰহ, আৰক্ষীৰ জালত ৩ চাইবাৰ অপৰাধী…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধ।

এইবাৰ আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি অহা ৩ চাইবাৰ অপৰাধী।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত পঞ্চায়ত প্রতিনিধিসহ তিনি চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।

পঞ্চায়ত প্রতিনিধিজনৰ নাম ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভূৰাগাঁও আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰাই এটা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জৰিবৰৰ বেছামাৰী ডুবাৰ পৰা পঞ্চায়ত প্ৰতিনিধি ৰফিকুল ইছলামসহ মেহদি আলম ওৰফে আজা আৰু ছেকাব উদ্দিন নামৰ তিনি চাইবাৰ অপৰাধীক আটক কৰে।

ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহন, কেইবাটাও ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

সহজ-সৰল ৰাইজৰ পৰা কৌশলেৰে পেন কাৰ্ড, আধাৰকাৰ্ড সংগ্ৰহ কৰি গৰাকীৰ অজ্ঞাতে বিভিন্ন লোকৰ নামত লাখ লাখ টকাৰ ঋণ সংগ্ৰহ কৰি আহিছিল দলটোৱে।

আনহাতে বর্তমানেও পলাতক হৈ আছে আন কেইবাটা গৰাকীও চাইবাৰ অপৰাধৰ সৈতে জড়িত মাষ্টাৰ মাইগু।