অসম

সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসলৈ ৰাষ্ট্ৰপতি মেডেল, অসমৰ ৮জনলৈ আৰক্ষীৰ সাহসিকতাৰ পদক

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ।

অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক।

ৰাষ্ট্ৰপতি পুলিচ মেডেল লাভ কৰিলে সহকাৰী আৰক্ষী আয়ুক্ত (ACP) হিমাংশু দাসে। 

হিমাংশু দাসে দুধনৈত ১৯৮৮ চনত চাকৰিত সোমাইছিল।

প্ৰথমে দুধনৈ তাৰ পিছত গোৱালপাৰা আৰু এতিয়া দিছপুৰৰ ACP হিচাপে দায়িত্বত আছে হিমাংশু দাস।

লগতে অসমৰ ৮জনলৈ আৰক্ষীৰ সাহসিকতাৰ পদকৰ বাবে নাম ঘোষণা কৰা হৈছে।

তেওঁলোক হৈছে SDPO জোন দাসলৈ, SI জিতুমণি ডেকা, SI বিতোপন চুতীয়া, SI অচ্যুত নাথ, লেন্সনায়ক শম্ভু ৰংহাং, কনিষ্টবল ছম্বৰ ৰংপি, কনিষ্টবল হোন্দৰছিং টকবী, কনিষ্টবল গ্ৰেটছন মাৰাক।

আনহাতে, মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক।

তেওঁলোক হৈছে- দিগন্ত কুমাৰ চৌধুৰী (উপ-আৰক্ষী আয়ুক্ত), বিৰাজ দাস (আৰক্ষী অধীক্ষক), অমৃত চন্দ্ৰ কলিতা (উপ আৰক্ষী অধীক্ষক), অসীম বৰা (পৰিদৰ্শক), জয়ন্ত কুমাৰ বৰ্মন (পৰিদৰ্শক), দেবেন্দ্ৰ নাথ দাস (সহকাৰী উপ-পৰিদৰ্শক), পূৰ্ণ চন্দ্ৰ দাস (লেন্স নায়ক), কমল চেত্ৰী (লেন্স নায়ক), খৰ্গেশ্বৰ নাথ (লেন্স নায়ক), দীপক ভূঞা (লেন্স নায়ক), দণ্ডধৰ বৰ্মন (কনিষ্টবল), ৰঞ্জিত শৰ্মা (কনিষ্টবল), জোনমণি কুৰ্মী (কনিষ্টবল) আৰু দিপালী গগৈ (মহিলা কনিষ্টবল)।

Related Articles

Back to top button